অসম বিধানসভা নিৰ্বাচন ২০২৬-ৰ পূৰ্বে পুনৰ দল সলনি কৰিলে মানকাচৰৰ বিধায়ক আমিনুল ইছলামে। মঙলবাৰে এনপিপি এৰি কংগ্ৰেছত যোগদান কৰে আমিনুলে।

শেহতীয়া খবৰ অনুসৰি, বিধায়কগৰাকীয়ে কিছুদিন পূৰ্বে নেশ্যনেল পিপলছ পাৰ্টিত যোগদান কৰি সেই দলৰ পৰাই মনোনয়ন পত্ৰ দাখিল কৰিছিল। পাছত কোনো ৰাজহুৱা কাৰণ নোহোৱাকৈয়ে তেওঁ নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে। ইয়াৰ পূৰ্বে তেওঁক অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ পৰা ছয় বছৰৰ বাবে বহিষ্কাৰ কৰা হৈছিল।

কংগ্ৰেছত যোগদানৰ পাছতে ইছলামে সামাজিক মাধ্যমত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং আৰু ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ সৈতে এখন ফলপ্ৰসূ বৈঠকত মিলিত হোৱাৰ কথা প্ৰকাশ কৰে।

তেওঁ কয়, “মানকাছাৰৰ উন্নয়নৰ স্বাৰ্থতে এই আলোচনা কৰা হৈছে আৰু ই এক নতুন অধ্যায়ৰ সূচনা কৰিব বুলি মই আশাবাদী।”

নিজৰ সমষ্টিৰ উন্নয়নৰ কাম-কাজ খৰতকীয়া কৰাৰ লক্ষ্যৰেই এই নতুন ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে জনসাধাৰণৰ সহায়-সহযোগিতা কামনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *