আগন্তুক শাৰদীয় দুৰ্গা পূজালৈ মাজতে প্ৰায় এটা মাহ বাকী থকা অৱস্থাত গুৱাহাটী মহানগৰীৰ ভিতৰত সৰ্বাধিক প্ৰায় ৮৩ খন ৰাজহুৱা দুৰ্গা পূজা অনুষ্ঠিত হৈ অহা জালুকবাৰী আৰক্ষী থানা এলেকাত এইবেলিও যাতে আৰক্ষী – প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়ম অনুসৰি আগন্তুক শাৰদীয় দুৰ্গা পূজা সুকলমে উদযাপন কৰা হয় তাৰ বাবে পূজা উদযাপন সমিতি সমুহে তৎপৰতা আৰম্ভ কৰিছে। সমান্তৰালভাবে গুৱাহাটীৰ অন্যতম বিসৰ্জনথলী হিচাপে পৰিগণিত হোৱা পাণ্ডুঘাটত ব্ৰহ্মপুত্ৰত যাতে বিজয়া দশমী আৰু তাৰ পাছদিনা দুৰ্গা পূজাৰ প্ৰতিমা শৃংখলাবদ্ধভাৱে বিসৰ্জন দিব পাৰি তাৰ বাবে পাণ্ডুঘাট বিসৰ্জন সমিতি আৰু জালুকবাৰী আৰক্ষী থানাৰ যৌথ উদ্যোগত ২৫ আগষ্টৰ দিনা সন্ধিয়া পাণ্ডু নাগৰিক সমিতিৰ কাৰ্যালয় চৌহদত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। পাণ্ডুঘাট বিসৰ্জন সমিতিৰ সভাপতি নিমাই চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক দ্বিজেন লহকৰে। সভাত জালুকবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কংকন মহন্তই ভাগ লৈ আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ লগতে ব্ৰহ্মপুত্ৰৰ দেৱী প্ৰতিমা বিসৰ্জন , পূজাৰ কেইদিনত উদযাপন সমিতি সমূহে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা আদিৰ ওপৰত বিশদ বাখ্যা দাঙি ধৰে আৰু পূজা সুকলমে সম্পন্ন কৰাৰ ক্ষেত্ৰত মহানগৰ আৰক্ষী প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়ম সমূহ মানি চলিবলৈ সকলোকে আহ্বান জনায় । সভাত জালুকবাৰী থানাৰ অন্তৰ্গত দুৰ্গা পূজা উদযাপন সমিতিৰ সভাপতি তথা সম্পাদক, পাণ্ডুঘাট বিসর্জন সমিতিৰ সমূহ বিষয়ববীয়া আৰু সদস্য-সদস্যা , নাগৰিক সমিতি, গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তাকে ধৰি দুই শতাধিক লোক উপস্থিত থাকে। আনহাতে সভাত সমাজকৰ্মী শ্যামল ভট্টাচাৰ্য , পৰেশ ঠাকুৰীয়া , আশীষ চৰকাৰ, পিয়াল শংকৰ দে , অজয় চক্ৰৱৰ্তী , কল্লোল চক্ৰৱৰ্তী , অচ্যুত ৰাজবংশী, সুদেশ কুমাৰ জৈন ( মুন্নাভাই) , ইতিমা আহমেদ, ৰীণা কাজী , গৌতম লহকৰ, অশোক ভৰালী, জ্যোতি পাঠক, মুন দত্ত, সুধন্না মালাকাৰকে ধৰি কেবাজনো বক্তাই চমু ভাষণ প্ৰদান কৰে । আনহাতে সভাত সৰ্বসন্মতিক্ৰমে আগন্তক কাৰ্যকালৰ বাবে পুনৰ নিমাই চন্দ্ৰ দাসক সভাপতি , সমাজকৰ্মী শ্যামল ভট্টাচাৰ্যক কাৰ্যকৰী সভাপতি , দ্বিজেন লহকৰক সাধাৰণ সম্পাদক , মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক মুখ্য উপদেষ্টা হিচাপে লৈ পাণ্ডুঘাট বিসৰ্জন সমিতিখন গঠন কৰা হয় । Share this:FacebookX Related Post navigation বৈষ্ণো দেৱীত ভূমিস্খলনত মৃতকৰ সংখ্যা ৩২ লৈ বৃদ্ধি বিশ্বৰ আগত সামৰিক শক্তি প্ৰদৰ্শন চীনৰ