অসম ৰাজ্যিক সাংবাদিক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ এক বিশেষ অনুষ্ঠানত চাকৰি সূত্ৰে বদলি হৈ যোৱা চৰাইদেউ জিলাৰ জনসংযোগ বিভাগৰ কৰ্মচাৰী ভাস্কৰ বৰদলৈক সন্থাৰ তৰফৰ পৰা বিশেষভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানটি সোণাৰিৰ গ্ৰীণ ভিউ হোটেলৰ সভাকক্ষত জিলা সম্পাদক ধ্ৰুৱজ্যোতি বৰুৱাই আঁত ধৰা আৰু জিলা সমিতিৰ সভাপতি মৃদুল কুমাৰ চাহুৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা অনুষ্ঠানত ভাস্কৰ বৰদলৈক এখন কৃতজ্ঞতা পত্ৰ আৰু গামোচাৰে বিদায় সম্বৰ্ধনা জনোৱা হয় । আনহাতে চৰাইদেউ প্ৰেছ ক্লাবৰ তৰফৰ পৰাও সম্পাদক প্ৰণৱ বৰগোহাঁয়ে ভাষ্কৰ বৰদলৈক বিদায় সম্বৰ্ধনা জনায় । Share this:FacebookX Related Post navigation উত্তৰ প্ৰদেশৰ উন্নাওত পথ দুৰ্ঘটনাত ১৮ জন লোকৰ মৃত্যু অসমৰ চৰকাৰী মহিলা কৰ্মচাৰীসকলৰ বাবে ১৮০ দিনীয়া শিশু দত্তক ছুটি চৰকাৰৰ