জয়পুৰঃ ৰাজস্থানৰ জয়পুৰ জিলাৰ চৌমু চহৰত এটা মছজিদৰ কাষৰ অবৈধ নিৰ্মাণ উচ্ছেদ কৰাক কেন্দ্ৰ কৰি শুকুৰবাৰে পুৱতি নিশা এক ভয়াৱহ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। নিশা প্ৰায় ৩ বজাত সংঘটিত এই ঘটনাত উগ্ৰ জনতাই আৰক্ষীৰ ওপৰত নিৰ্মমভাৱে শিলগুটি বৰ্ষণ কৰে। এই আক্ৰমণত চাৰিগৰাকীকৈ আৰক্ষী গুৰুতৰভাৱে আহত হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ আৰু লাঠীচালনা কৰিবলগীয়া হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি, মছজিদৰ বাহিৰত ৰাস্তাৰ অংশ দখল কৰি লোহাৰ বেৰা দিয়াৰ অভিযোগ উঠিছিল। প্ৰশাসনে বৃহস্পতিবাৰে সন্ধিয়া এক আলোচনাৰ জৰিয়তে উক্ত নিৰ্মাণ আঁতৰাই পেলাবলৈ নিৰ্দেশ দিছিল আৰু স্থানীয় লোকসকলো মান্তি হৈছিল। কিন্তু নিশাৰ ভিতৰতে পুনৰ লোহাৰ বেৰা লগোৱাৰ খবৰ পোৱাৰ পাছত যেতিয়া আৰক্ষীয়ে জে চি বি মেচিনেৰে সেইবোৰ আঁতৰাবলৈ চেষ্টা কৰে, তেতিয়াই পৰিস্থিতি উত্তেজিত হৈ পৰে। অচিনাক্ত দুৰ্বৃত্তৰ দল এটাই অন্ধকাৰৰ সুযোগ লৈ আৰক্ষীক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। আহত আৰক্ষী জোৱানকেইজনক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰা হৈছে। ডিজিপি (আইন-শৃংখলা) সঞ্জয় আগৰৱালে জানিবলৈ দিয়া মতে বৰ্তমান পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে আৰু আইন হাতত তুলি লোৱা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। সতৰ্কতামূলক ব্যৱস্থা হিচাপে চৌমু চহৰত অহা ২৪ ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। সমগ্ৰ চহৰখনত আৰক্ষীয়ে ফ্লেগ মাৰ্চ কৰিছে আৰু ওচৰৰ কেইবাখনো থানাৰ পৰা অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলে ঘটনাস্থলীত উপস্থিত থাকি সমগ্ৰ পৰিৱেশ নিৰীক্ষণ কৰি আছে। Share this:FacebookX Related Post navigation প্ৰধানমন্ত্ৰীৰ সৈতে মুখামুখি শান্তি কুমাৰী বড়োঃ কাবাদী খেলুৱৈগৰাকীৰ আত্মবিশ্বাসে জয় কৰিলে সকলোৰে মন ড০ দয়ানন্দ শ্বাহৰ দ্বিতীয় গ্ৰন্থ ‘সময়ৰ সাগৰত চিন্তাৰ জোৱাৰ’ উন্মোচন