চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বাজিয়াগাঁও আৰু লাওখোৱা ব্লক মহিলা কংগ্ৰেছৰ উদ্যোগত স্মাৰ্ট মিটাৰৰ আতিশয্য তথা অত্যধিক বিদ্যুৎ মাচুল বৃদ্ধি কৰি জনসাধাৰণক শোষণ কৰা আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে প্ৰায় তিনি শতাধিক মহিলা ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ লগতে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ কংগ্ৰেছ দলৰ সাম্ভাৱ্য প্ৰাৰ্থী তাঞ্জিল হুছেইন আৰু নগাঁও জিলা মহিলা কংগ্ৰেছৰ মামণি শইকীয়া বৰাকে ধৰি বহুকেইগৰাকী কংগ্ৰেছ নেত্ৰীয়ে উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।উক্ত প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে অংশ গ্ৰহণ কৰি ভাষণ প্ৰসংগত কয় যে, গোটেই অসমতে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আন্দোলন আমি গঢ়ি তুলিম। যদি টোলগেটত টোল টেকৰ্ছ লোৱাৰ দৰে স্মাৰ্ট টেকৰ্ছ তথা স্মাৰ্ট মিটাৰত বিজুলীৰ বিল লয় তেতিয়াহ’লে আমি মুখ্যমন্ত্ৰীক শান্তিৰে থাকিবলৈ নিদিওঁ৷

চামগুৰি সাপ্তাহিক বজাৰৰ পৰা প্ৰতিবাদকাৰী মহিলাসকলে ৰাইজক হাৰাশাস্তি কৰা স্মাৰ্ট মিটাৰ বন্ধ কৰক অসম চৰকাৰ হাই-হাই, সুৰাৰ দাম কমাই খাদ্য বস্তুৰ দাম বৃদ্ধি কৰাকে ধৰি বিভিন্ন শ্লোগান দি মহিলা কংগ্ৰেছৰ কৰ্মীসকলে সমদল বাহিৰ কৰি পৰিবেশ উত্তাল কৰাৰ লগতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *