আগন্তুক নিৰ্বাচনী বতৰৰ মাজতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ এক কথিত আচৰণে আজি ৰাজ্যৰ ৰাজনীতিত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এক ৰাজহুৱা স্থানত প্ৰদৰ্শন কৰা অশালীন ইংগিতক লৈ সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীৰ মতে, কংগ্ৰেছ নেতাৰ এনে কৰ্মই সমগ্ৰ অসমীয়া মহিলা তথা কিশোৰীসকলৰ আত্মসন্মানত গভীৰ আঘাত হানিছে।

শনিবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে অত্যন্ত দুখেৰে কয়, “কংগ্ৰেছে নিম্নতম স্তৰলৈ গতি কৰিছে।” তেওঁ অভিযোগ কৰা মতে, যাত্ৰাৰ সময়ত একাংশ মহিলাই কংগ্ৰেছক ভোট নিদিওঁ বুলি দিয়া শ্ল’গানৰ প্ৰতিক্ৰিয়া স্বৰূপে বিৰোধী দলপতিগৰাকীয়ে যি অংগী-ভংগী কৰিলে, সেয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। তেওঁ লগতে কয়, “দিল্লীৰ পৰাও মোক বহুতে এই দৃশ্যসমূহ প্ৰেৰণ কৰি সুধিছে যে অসমত এনেধৰণৰ আচৰণ স্বাভাৱিক নেকি?” এনে মানসিকতাৰ লোকে মহিলা কল্যাণ বা সমাজ কল্যাণৰ দৰে বিভাগৰ দায়িত্ব ল’বলৈ আশা কৰাটো দুৰ্ভাগ্যজনক বুলিও তেওঁ কটাক্ষ কৰে।

এই সমগ্ৰ বিষয়টোক গুৰুত্বসহকাৰে লৈ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ইয়াৰ ভিডিঅ’ ক্লিপটো অসম ৰাজ্যিক মহিলা আয়োগলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ স্পষ্টকৈ কয়, “যদিহে কংগ্ৰেছে এই নেতাসকলক বহিষ্কাৰ নকৰে, তেন্তে তেওঁলোকে অসমীয়া সমাজৰ পৰা আদৰণি আশা কৰিব নালাগে।” ৰাজনৈতিক মতভেদ যিয়েই নহওক, কোনো ধৰণৰ উচতনিয়েই এনে নিকৃষ্ট আচৰণক বৈধতা দিব নোৱাৰে বুলি তেওঁ দোহাৰে।

ইফালে, কেবিনেট বৈঠকৰ পাছত এই সন্দৰ্ভত অধিক তথ্য সদৰী কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰে। ইমান গুৰুতৰ এটা বিষয় কিয় টেলিভিছন চেনেলসমূহত সঠিকভাৱে প্ৰচাৰ হোৱা নাই, তাক লৈ তেওঁ বিস্ময় প্ৰকাশ কৰে। অৱশ্যে মুখ্যমন্ত্ৰীৰ এই গুৰুতৰ অভিযোগৰ সন্দৰ্ভত কংগ্ৰেছ দলৰ পৰা এতিয়ালৈকে কোনো চৰকাৰী প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *