শেহতীয়াভাৱে অসমীয়া চিনেমাৰ জগতলৈ কিছুদিনৰ পৰা নতুনত্বৰ সমান্তৰালভাৱে ইখনৰ পাছত সিখন ছবিৰ বাণিজ্যিক সফলতাই নতুন আশাৰ ৰেঙনি কঢ়িয়াই অনাটো নিশ্চিতভাৱে এক ইতিবাচক দিশ হিচাপে পৰিগণিত হৈছে । ভাল ছবি নিৰ্মাণ কৰিলে যে দৰ্শকে আঁকোৱালি লয় সেইটো প্ৰমাণিত হল “ভাইমন দা”   নামৰ অসমীয়া চিনেমাখনত । বিশেষকৈ বিগত প্ৰায় পাঁচোটা দশক ধৰি অসমীয়া মানুহক ছবিগৃহলৈ আকৰ্ষিত কৰিবলৈ সক্ষম হোৱা বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মুনীন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মিত প্ৰায় আঢ়ৈ ঘণ্টাৰো অধিক দৈৰ্ঘ্যৰ ছবিখনত অসমীয়া ছবিজগতৰ এক দীঘলীয়া সময়ৰ উত্থান – পতন সুন্দৰকৈ উপস্থাপন কৰিবলৈ পৰিচালকে আপ্রাণ চেষ্টা কৰিছে। আনহাতে বিগত ২৩ মে’ত  মুক্তিৰ দিনাৰ পৰাই আজিলৈকে  অসমৰ বহু  চিত্রগৃহতে তিনি সপ্তাহ ধৰি ভাইমন দা ‘হাউছফুল’ হৈ আছে বুলি জানিব পৰা গৈছে । ইয়াৰ পূৰ্বে ২০২৩  বৰ্ষৰ জুন মাহত মুক্তি পোৱা “শ্ৰীৰঘুপতি”ৰ দৰে এই ছবিখনো  ছুপাৰহিট অসমীয়া ছবি হিচাপে পৰিগণিত হোৱা  বুলি একাংশই অভিহিত কৰিছে । ৰাইজ হিল- দ’ল ভাঙি ওলাই আহিছে ছবিখন উপভোগ কৰিবলৈ। 

ইফালে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ব্যস্ত অঞ্চল হিচাপে পৰিচিত আৰু বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাষৰীয়া আজাৰা ভি  আই পিস্থিত “আৰ আৰ চিনেমাছ” নামৰ আধুনিক সা – সুবিধাযুক্ত  চলচিত্ৰ গৃহটোত ২৩ মে’ৰ পৰা তিনি সপ্তাহ ধৰি চলি আছে ভাইমন দা । চলচিত্ৰ গৃহটোৰ স্বত্বাধিকাৰী ৰাজীৱ কুমাৰ দত্তই জানিবলৈ দিয়া মতে যোৱা ২৩ মে’ত  ৰাজ্যৰ আন বহু চলচিত্ৰ গৃহৰ দৰে তেওঁলোকৰ আৰ আৰ চিনেমাছতো ভাইমন  দা মুক্তি দিয়া হৈছিল। আজি তিনি সপ্তাহ পাৰ হৈ যোৱাৰ পাছতো দৰ্শকৰ বিপুল সহাৰিৰ বাবে চিনেমাখন তিনিটাকৈ দৰ্শনীত চলি আছে। প্ৰথমতে এটা সপ্তাহ চলচিত্ৰ গৃহটোত চাৰিটা দৰ্শনী ক্ৰমে – দিনৰ ১১  বজা, বিয়লি ২ বজা , সন্ধিয়া ৫ বজা আৰু নিশা ৮ বজাত আটাইকেইটাতে হাউছফুল হিচাপে ভাইমন দা চলি আছিল । তাৰ পাছত  বৰ্তমান দুটা সপ্তাহ ধৰি তিনিটা দৰ্শনী ক্ৰমে – দিনৰ ১১ বজা, সন্ধিয়া ৫.  বজা আৰু নিশা ৮ বজাৰ দৰ্শনীত চিনেমাখন চলি আছে। অৱশ্যে বৃহত্তৰ অঞ্চলটোৰ চলচিত্ৰপ্ৰেমী সকলৰ বহুতেই চিনেমাখন চোৱাৰ পাছত প্ৰথম দুটা সপ্তাহৰ তুলনাত দৰ্শকৰ সংখ্যা অৱশ্যে এতিয়া অলপ কমি আহিছে।

আনকি অনা অসমীয়া দৰ্শকেও বিশেষকৈ বৰঝাৰস্থিত ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণকে ধৰি অঞ্চলটোত থকা সৰ্বভাৰতীয় পৰ্য্যায়ৰ বহু অনুষ্ঠান – প্ৰতিষ্ঠানৰ বিষয়া – কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকেও চিনেমাখন উপভোগ কৰিছে । প্ৰতিটো প্ৰজন্মৰ মাজতে চিনেমাখন জনপ্ৰিয় হৈ পৰিছে। ছবিগৃহৰ ভিতৰত শিশুৰ পৰা বয়োজ্যেষ্ঠজনলৈ বিভিন্ন বয়সৰ ছবিপ্রেমীৰ ভিৰেই প্ৰমাণ কৰিছে ছবিখনৰ জনপ্ৰিয়তা ।  নিশ্চিতভাৱে  এয়া অসমীয়া ছবিৰ বাবে  এক ভাল খবৰ । ইফালে ৰাজীৱ কুমাৰ দত্তই জানিবলৈ দিয়া অনুসৰি ২০২২ বৰ্ষৰ ১৮ মাৰ্চত জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই চলচিত্ৰ গৃহটো মুকলি কৰিছিল। সেইদিনাই দেশজুৰি  তেতিয়াই খলকনি তোলা “কাশ্মীৰ ফাইলছ” নামৰ চিনেমাখন মুক্তি দিয়া হৈছিল । আনহাতে চলচ্চিত্ৰ গৃহটোৰ চলচিত্ৰ গৃহটোৰ পৰিচালক অৰবিন্দ কলিতায়ো বিগত কেইটামান দিনত চলি  থকা উৎকট গৰমৰ বাবে বেছিভাগ দৰ্শকেই  সন্ধিয়া আৰু নিশাৰ দৰ্শনীটো উপভোগ কৰিবলৈ আহিছে  বুলি সদৰি  কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *