মিঞা জীয়াই থকালৈকে এই পৃথিৱী জীয়াই থাকিব। বৃহস্পতিবাৰে মৰিগাঁৱত এই বিস্ফোৰক মন্তব্য কৰে অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলিমীনৰ মুৰব্বী তথা সাংসদ আছাদুদ্দিন ওৱেইছিয়ে। নিৰ্বাচনী প্ৰচাৰৰ উত্তপ্ত পৰিৱেশৰ মাজতে জিলাখনত উপস্থিত হৈ বিৰোধী পক্ষক সঁকীয়াই দি তেওঁ কয় যে কোনো শক্তিয়ে তেওঁলোকক শেষ কৰিব নোৱাৰে। সমৰ্থকসকলক উদ্দেশ্যি ওৱেইছিয়ে কয়, “যিসকলে আমাক শেষ কৰিব বিচাৰে তেওঁলোকে শুনি থওক, মিঞা জীয়াই থকালৈকে পৃথিৱীখন জীয়াই থাকিব। আমি কাকো ভয় নকৰোঁ।” নিৰ্বাচনী যুঁজত নিজৰ সমৰ্থকসকলক একত্ৰিত কৰাৰ লক্ষ্যৰে নেতাগৰাকীয়ে এনেদৰে আত্মবিশ্বাস প্ৰকাশ কৰা পৰিলক্ষিত হয়। আনহাতে বিন্নাকান্দি সমষ্টিত এ আই ইউ ডি এফৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই তেওঁ কয়, “অসমৰ মুছলমান ভোটাৰে এইবাৰ ঐক্যবদ্ধভাৱে ভোটদান কৰিব। বদৰুদ্দিন আজমলৰ ২৯ গৰাকী প্ৰাৰ্থীয়েই জয়লাভ কৰিব আৰু অসমৰ ৰাজনীতি এ আই ইউ ডি এফেহে নিৰ্ধাৰণ কৰিব।” শাসকীয় বিজেপি দলক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লৈ তেওঁ লগতে কয়, “বিজেপিয়ে ঘৃণাৰ ৰাজনীতি কৰিছে আৰু এই গুৰুত্বপূৰ্ণ বিষয়ত ভাৰতীয় জাতীয় কংগ্ৰেছে মৌনতা অৱলম্বন কৰিছে। এনে এক ৰাজনৈতিক পৰিৱেশে সংখ্যালঘু সম্প্ৰদায়ৰ মাজত এ আই ইউ ডি এফৰ স্থিতি অধিক শক্তিশালী কৰি তুলিছে।” ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে ওৱেইছিৰ এই ধাৰাবাহিক নিৰ্বাচনী সভাই ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত বিশেষ চৰ্চা লাভ কৰিছে। বদৰুদ্দিন আজমলৰ দলক নিৰ্ণায়ক শক্তি হিচাপে প্ৰক্ষেপ কৰি তেওঁ পুনৰবাৰ এ আই ইউ ডি এফৰ সমৰ্থনত ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায়। Share this:FacebookX Related Post navigation জালুকবাৰী সমষ্টিৰ খানামুখত দীপৰ বিলৰ সমীপত অৰ্দ্ধ শতাধিক সন্দেহযুক্ত নাগৰিকে বিঘাই বিঘাই মাটি কিনি নিৰ্মাণ কৰিছে ঘৰ – দুৱাৰ ; খিলঞ্জীয়া নাগৰিকলৈ ভাবুকি অহাৰ সম্ভাৱনা