ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে মহিলা ক্ৰিকেটাৰৰ ঘৰুৱা মেচ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি মহিলা খেলুৱৈয়ে প্ৰথম শ্ৰেণীৰ মেচ আৰু এদিনীয়া খেলৰ বাবে প্ৰতিদিনে ৫০ হাজাৰ টকা মেচ মাচুল লাভ কৰিব। লগতে টি-২০ মেচ খেলিলে ২৫,০০০ টকা লাভ কৰিব। ইতিমধ্যে বিচিচিআইয়ে আন্তঃৰাষ্ট্ৰীয় খেলৰ মহিলা খেলুৱৈৰ মাচুল পুৰুষৰ খেলুৱৈৰ সৈতে সমান কৰি তুলিছে।

২২ ডিচেম্বৰত বিচিচিআইৰ অনলাইন বৈঠকত মহিলা খেলুৱৈৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয়। এতিয়া ঘৰুৱা ক্ৰিকেটত মহিলা আৰু পুৰুষ খেলুৱৈক সমান মেচ মাচুল দিয়া হ’ব। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত খেলা প্লেয়িং ইলেভেনৰ অংশ হোৱা খেলুৱৈয়ে প্ৰতিদিনে ৫০ হাজাৰ টকা লাভ কৰাৰ বিপৰীতে খেলা প্লেয়িং ইলেভেনৰ অংশ নহোৱা খেলুৱৈয়ে লাভ কৰিব ২৫ হাজাৰ টকা। এদিনীয়া খেলত প্লেয়িং ইলেভেনৰ অংশ হোৱা খেলুৱৈয়ে প্ৰতিখন খেলতে লাভ কৰিব ৫০ হাজাৰ টকা। তদুপৰি দলৰ আন খেলুৱৈ যিসকল খেলুৱৈ প্লেয়িং ইলেভেনৰ অংশ নহয় তেওঁলোকে লাভ কৰিব ২৫ হাজাৰ টকা।

টি-২০ত প্লেয়িং ইলেভেনত অন্তৰ্ভুক্ত খেলুৱৈয়ে লাভ কৰিব ২৫,০০০ টকা, বাহিৰত থকা খেলুৱৈয়ে লাভ কৰিব ১২,৫০০ টকা। ইয়াৰ পূৰ্বে মহিলা খেলুৱৈয়ে টি-২০, এদিনীয়া, আৰু প্ৰথম শ্ৰেণীৰ মেচত খেলা প্লেয়িং ইলেভেনৰ অংশ হোৱাৰ বাবে মাত্ৰ ২০ হাজাৰ টকাহে লাভ কৰিছিল। বহি থকা খেলুৱৈসকলক ১০ হাজাৰ টকা দিয়া হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *