বছৰৰ অন্তিমটো গ্ৰেণ্ড শ্লেম প্ৰতিযোগীতা ইউ এছ অ’পেন ২০২৫ এইবাৰ ২৪ আগষ্টৰ পৰা নিউয়ৰ্কত আৰম্ভ হ’ব আৰু ৭ ছেপ্টেম্বৰত সমাপ্ত হ’ব।এইবাৰ এই গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাৰ ইতিহাসৰ সৰ্বোচ্চ পুৰস্কাৰৰ ধন ঘোষণা কৰা হৈছে, যিটো হ’ল ৯০ মিলিয়ন ডলাৰ। আনহাতে, যোৱা বছৰ পুৰস্কাৰৰ ধন আছিল ৭৫ মিলিয়ন ডলাৰ। ২০ শতাংশ বৃদ্ধি কৰি খেলুৱৈসকলৰ উৎসাহ আৰু অধিক বৃদ্ধি কৰা হৈছে।

ইউ এছ অ’পেন ২০২৫ৰ পুৰস্কাৰৰ ধন ৯ মিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৭৯০ কোটি টকা। এই প্ৰতিযোগিতাত পুৰুষ আৰু মহিলা একক শাখাৰ বিজয়ীক ৫ মিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৪৪ কোটি টকা দিয়া হ’ব। একে সময়তে ৰানাৰ্ছ আপক ২.৫ মিলিয়ন ডলাৰ অৰ্থাৎ ২২ কোটি টকা দিয়া হ’ব। ছেমি ফাইনেলিষ্ট খেলুৱৈসকলক ১৪ কোটি টকা প্ৰদান কৰা হ’ব। কোৱাৰ্টাৰ ফাইনেলিষ্টক ৫.৭ কোটি টকা দিয়া হ’ব। ৰাউণ্ড অফৰ বাবে যোগ্যতা অৰ্জন কৰা চাৰিগৰাকী খেলুৱৈক৯৭ লাখৰ পৰা ৩.৫ কোটি দিয়া হ’ব।

এই বছৰ পুৰুষ আৰু মহিলাৰ একক খিতাপৰ সংখ্যা সামগ্ৰিকভাৱে ৩৯ শতাংশ বৃদ্ধি কৰা হৈছে।একক খেলৰ উপৰিও ইউ এছ অ’পেন ২০২৫ত মিক্সড ডাবলছ প্ৰতিযোগিতাৰো আয়োজন কৰা হ’ব, য’ত বিজয়ী দলটোক ১০ লাখ ডলাৰ অৰ্থাৎ প্ৰায় ৯ কোটি টকা দিয়া হ’ব। একে সময়তে ডাবলছ চেম্পিয়নগৰাকীক ১০ লাখ ডলাৰৰ পুৰস্কাৰ ধনো দিয়া হ’ব। ৰানাৰ্ছ আপক ৪.৩ কোটি, ছেমি ফাইনেলিষ্টক ২.১৯ কোটি, আৰু কোৱাৰ্টাৰ ফাইনেলিষ্টক ১ কোটি টকা দিয়া হ’ব। ইয়াৰ বাহিৰেও যোগ্যতা অৰ্জন কৰা খেলুৱৈসকলক মুঠ ৮০ লাখ টকা অৰ্থাৎ ৭০ কোটি টকা প্ৰদান কৰা হ’ব। ইউ এছ অ’পেন হুইলচেয়াৰ ইভেণ্টতো পুৰস্কাৰৰ ধন ৯ কোটি ডলাৰলৈ বৃদ্ধি কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *