আইচিচিয়ে ঘোষণা কৰে যে আগন্তুক আইচিচি মহিলা ক্ৰিকেট বিশ্বকাপত বিজয়ী দলটোক এতিয়ালৈকে সৰ্বাধিক পুৰস্কাৰ ধন প্ৰদান কৰা হ’ব। এইবাৰ চেম্পিয়ন দলটোৱে লাভ কৰিব ৪৪.৮ মিলিয়ন মাৰ্কিন ডলাৰ (প্ৰায় ৩৯.৫৫ কোটি টকা), যিটো পূৰ্বৰ সংস্কৰণৰ পুৰস্কাৰৰ ধনতকৈ প্ৰায় চাৰিগুণ বেছি। ভাৰত আৰু শ্ৰীলংকাৰ আয়োজনত অহা ৩০ ছেপ্টেম্বৰৰ পৰা ২ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এই ত্ৰয়োদশ সংস্কৰণটো মুঠ আঠটা দলৰ মাজত অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাৰ মুঠ পুৰস্কাৰ ধন হ’ব ১৩.৮৮ মিলিয়ন মাৰ্কিন ডলাৰ (প্ৰায় ১২২.৫ কোটি টকা), যিটো ২০২২ চনত নিউজিলেণ্ডত অনুষ্ঠিত হোৱা শেষ বিশ্বকাপতকৈ প্ৰায় তিনিগুণ বেছি (৩৫ লাখ ডলাৰ অৰ্থাৎ ৩১ কোটি টকা)। এই পুৰস্কাৰৰ ধন পুৰুষৰ বিশ্বকাপ ২০২৩ (১ কোটি ডলাৰ অৰ্থাৎ ৮৮.২৬ কোটি টকা)তকৈও অধিক। ২০২৩ চনত অনুষ্ঠিত পুৰুষৰ এদিনীয়া বিশ্বকাপৰ বিজয়ী দল অষ্ট্ৰেলিয়াই লাভ কৰিছিল ৩৩.৩১ কোটি টকা। একে সময়তে ৰানাৰ্ছ আপ ভাৰতে লাভ কৰে ১৬.৬৫ কোটি টকা। মহিলাৰ এদিনীয়া বিশ্বকাপৰ বিজয়ৰ পৰিমাণ ইয়াতকৈ বহু বেছি। আই চি চিৰ তথ্য অনুসৰি এই বৃদ্ধিৰ লক্ষ্য হৈছে মহিলা ক্ৰিকেটৰ জনপ্ৰিয়তা বৃদ্ধি আৰু ইয়াক পুৰুষৰ সমান সন্মান প্ৰদান কৰা। ভাৰত আৰু শ্ৰীলংকা, গুৱাহাটী, ইন্দোৰ, নৱী মুম্বাই, বিশাখাপট্টনম আৰু কলম্বোৰ পাঁচটা স্থানত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। আইচিচিৰ সভাপতি জয় শ্বাহে ইয়াক মহিলা ক্ৰিকেটৰ দিশত এক ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰি কয়-এই ঘোষণা মহিলা ক্ৰিকেটৰ যাত্ৰাৰ এক মাইলৰ খুঁটি। পুৰস্কাৰৰ ধনৰ চাৰিগুণ বৃদ্ধিয়ে এই ক্ৰীড়াৰ দীৰ্ঘম্যাদী বৃদ্ধিৰ প্ৰতি আমাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। আমাৰ বাৰ্তা স্পষ্ট যে মহিলা ক্ৰিকেটাৰসকলে এই খেলবিধক পেছাদাৰীভাৱে গ্ৰহণ কৰিলে পুৰুষৰ সমানে সন্মান আৰু সুযোগ লাভ কৰিব বুলি আত্মবিশ্বাসী হ’ব লাগে। আই চি চিয়ে কয় যে এই পৰিৱৰ্তনে অনাগত প্ৰজন্মৰ মহিলা খেলুৱৈ আৰু অনুৰাগীক অনুপ্ৰাণিত কৰিব আৰু বিশ্বজুৰি মহিলা ক্ৰিকেটক নতুন উচ্চতালৈ লৈ যাব। Share this:FacebookX Related Post navigation আৰ চি বিয়ে ১১ মৃত পৰিয়াললৈ ২৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা ৰাণীত চি আৰ পি এফৰ উত্তৰ পূব মণ্ডল ভলীবল প্ৰতিযোগিতাৰ সামৰণি ; ১৫৬ বেটেলিয়ান চেম্পিয়ন