পশু নিৰ্যাতন আৰু মনোৰঞ্জনৰ লালসাই এইবাৰ প্ৰাণ কাঢ়িলে এক নিৰীহ গজৰাজৰ। ৰাজস্থানৰ জয়পুৰত পংকী নামৰ এটি বিখ্যাত হাতীৰ আকস্মিক মৃত্যুৱে এতিয়া সমগ্ৰ দেশতে শোকৰ ছাঁ পেলোৱাৰ লগতে পশু সুৰক্ষাক লৈও সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। যোৱা কেইবাদিনো ধৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ফটোশ্বুটত হাতীটোৰ গাত সম্পূৰ্ণৰূপে গুলপীয়া ৰঙৰ প্ৰলেপ সনা দেখা গৈছিল। ভাইৰেল হোৱা ফটোবোৰত দেখা গৈছিল যে পংকীৰ গোটেই শৰীৰত কৃত্ৰিম ৰং সানি তাক এক আচৰিত ৰূপ দিয়া হৈছিল। এই কাৰ্যই বন্যপ্ৰাণীৰ কল্যাণ আৰু নৈতিকতাক লৈ অনলাইনত এক ব্যাপক বিতৰ্কৰ সূচনা কৰিছে। পশু কল্যাণ কৰ্মীসকলে অভিযোগ কৰিছে যে কেৱল মাত্ৰ জনপ্ৰিয়তা আৰু ব্যৱসায়িক লাভৰ বাবে নিৰীহ জন্তুটোৰ গাত অনিষ্টকাৰী ৰাসায়নিক ৰং ব্যৱহাৰ কৰাটোৱেই তাৰ মৃত্যুৰ কাৰণ হ’ব পাৰে। উল্লেখ্য যে জয়পুৰৰ এই হাতীটো দেশী-বিদেশী পৰ্যটকৰ মাজত যথেষ্ট জনপ্ৰিয় আছিল। ইয়াৰ পূৰ্বেও পংকীক বিভিন্ন বিজ্ঞাপন আৰু ফটোশ্বুটত ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান বন বিভাগে পংকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ এক উচ্চস্তৰীয় তদন্ত আৰম্ভ কৰিছে। জন্তুটোৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহিলেহে স্পষ্ট হ’ব যে ৰাসায়নিক ৰঙৰ প্ৰতিক্ৰিয়াৰ বাবে নে আন কোনো কাৰিকৰী ত্ৰুটিৰ বাবে পংকীয়ে প্ৰাণ হেৰুৱালে। এই ঘটনাই এতিয়া বন্যপ্ৰাণীক কেৱল বিনোদনৰ সমল হিচাপে ব্যৱহাৰ কৰা সংস্কৃতিটোক লৈ ডাঙৰ প্ৰশ্নবোধক চিহ্ন আঁৰি দিছে। পশু অধিকাৰ সুৰক্ষা সংগঠনসমূহে দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে। পৰ্যটনৰ নামত বন্যপ্ৰাণীক এনেদৰে নিৰ্যাতন চলোৱা বন্ধ কৰিবলৈ চৰকাৰক অধিক কঠোৰ আইন প্ৰণয়ন কৰিবলৈ তেওঁলোকে আহ্বান জনায়। Share this:FacebookX Related Post navigation ট্ৰাম্পৰ তীব্ৰ বাৰ্তা—আমেৰিকাৰ পৰা তেল নকিনিলে হৰমুজ প্ৰণালীৰ পৰা নিজে ল’ব লাগিব খেলৰ মাজতেই জীৱন থমকি ৰ’ল, বেডমিণ্টন খেলুৱৈৰ আকস্মিক মৃত্যু