উন্নাও ধৰ্ষণ কাণ্ডৰ দোষী সাব্যস্ত প্ৰাক্তন বিজেপি বিধায়ক কুলদীপ সিং চেংগাৰৰ যাৱজ্জীৱন কাৰাদণ্ড স্থগিত ৰাখি দিল্লী উচ্চ ন্যায়ালয়ে প্ৰদান কৰা জামিনৰ ওপৰত সোমবাৰে স্থগিতাদেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইৰ আৱেদনৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে চেংগাৰক দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত কাৰাগাৰৰ পৰা মুকলি কৰি দিব নোৱাৰিব। যোৱা ২৩ ডিচেম্বৰত দিল্লী উচ্চ ন্যায়ালয়ে চেংগাৰক চৰ্তসাপেক্ষ জামিন প্ৰদান কৰিছিল। উচ্চ ন্যায়ালয়ৰ যুক্তি আছিল যে চেংগাৰে ইতিমধ্যে সাত বছৰ পাঁচ মাহৰ অধিক সময় কাৰাগাৰত অতিবাহিত কৰিছে। তদুপৰি উচ্চ ন্যায়ালয়ে ৰায় দিছিল যে পক্স’ আইনৰ ৫(চি) ধাৰা বা ভাৰতীয় দণ্ডবিধিৰ ৩৭৬(২)(বি) ধাৰাৰ অধীনত চেংগাৰক এজন ‘ৰাজহুৱা সেৱক’ হিচাপে গণ্য কৰিব নোৱাৰি। উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ বিৰুদ্ধে চিবিআইয়ে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। উচ্চতম ন্যায়ালয়ে চেংগাৰৰ জামিন স্থগিত ৰখাৰ লগতে এই সন্দৰ্ভত তেওঁলৈ জাননীও জাৰি কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্য কান্তই মন্তব্য কৰে যে যিহেতু দোষী সাব্যস্ত হোৱা ব্যক্তিগৰাকী অন্য এক অপৰাধৰ বাবেও কাৰাগাৰত বন্দী হৈ আছে, সেয়েহে দিল্লী উচ্চ ন্যায়ালয়ৰ ২৩ ডিচেম্বৰৰ নিৰ্দেশ স্থগিত ৰখা হৈছে। উল্লেখ্য যে চেংগাৰ বৰ্তমান ধৰ্ষণৰ বলি হোৱা কিশোৰীগৰাকীৰ পিতৃৰ জিম্মাত থকা অৱস্থাত হোৱা মৃত্যুৰ গোচৰটোত ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি ভুগি আছে। দিল্লী উচ্চ ন্যায়ালয়ৰ জামিনৰ নিৰ্দেশৰ পিছতে ৰাজধানীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছিল। ধৰ্ষণৰ বলি হোৱা যুৱতীগৰাকীয়েও এই প্ৰতিবাদত অংশ লৈ ন্যায়ৰ দাবী জনাইছিল। যুৱতীগৰাকীয়ে অভিযোগ কৰিছিল যে চেংগাৰে তদন্তকাৰী বিষয়া আৰু বিচাৰকক ভেটি দি এই ৰায় নিজৰ পক্ষত লৈছে। তেওঁ আৰু তেওঁৰ পৰিয়ালে উচ্চতম ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা থকা বুলি পূৰ্বে প্ৰকাশ কৰিছিল। ২০১৯ চনৰ ডিচেম্বৰত উন্নাও ধৰ্ষণ কাণ্ডত চেংগাৰক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ২৫ লাখ টকাৰ জৰিমনা বিহা হৈছিল। উচ্চতম ন্যায়ালয়ৰ সোমবাৰৰ এই নিৰ্দেশৰ ফলত কুলদীপ সিং চেংগাৰ বৰ্তমান কাৰাগাৰতে থাকিব লাগিব। আদালতে এই গোচৰটোৰ পৰৱৰ্তী শুনানি জানুৱাৰী মাহৰ অন্তিম সপ্তাহত গ্ৰহণ কৰিব। Share this:FacebookX Related Post navigation যোৱা পাঁচ বছৰত দেশৰ ভিতৰতে দ্ৰুততম বিকাশশীল ৰাজ্য হিচাপে অসমক স্বীকৃতি আৰ বি আইৰ আৰাৱলী পৰ্বতমালাৰ সংজ্ঞাক লৈ পূৰ্বৰ ৰায়ত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ