মহিলা আৰু কিশোৰীৰ ঋতুস্ৰাৱজনিত অনাময় ব্যৱস্থাক সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত ব্যক্তিগত গোপনীয়তা আৰু মৰ্যাদা সহকাৰে জীয়াই থকাৰ মৌলিক অধিকাৰ হিচাপে আজি ঘোষণা কৰে উচ্চতম ন্যায়ালয়ে। দেশৰ প্ৰতিখন চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীসকলক বিনামূলীয়াকৈ পৰিৱেশ অনুকূল চেনিটেৰী নেপকিন যোগান ধৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ লগতে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক আদালতে কঠোৰ নিৰ্দেশ দিছে। ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ বিচাৰপীঠে এই ঐতিহাসিক ৰায়দান কৰি স্পষ্ট কৰে যে এয়া কোনো দান নহয়, বৰঞ্চ এগৰাকী ছাত্ৰীৰ সাংবিধানিক অধিকাৰ। ন্যায়ালয়ৰ এই নিৰ্দেশনা অনুসৰি, দেশৰ প্ৰতিখন বিদ্যালয়তে ছাত্ৰ আৰু ছাত্ৰীৰ বাবে পৃথক শৌচাগাৰৰ ব্যৱস্থা থকাটো বাধ্যতামূলক। বিশেষকৈ দিব্যাংগ শিক্ষাৰ্থীৰ বাবে সুলভ শৌচাগাৰ নিৰ্মাণৰ ওপৰতো আদালতে গুৰুত্ব আৰোপ কৰিছে। যদিহে কোনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ছাত্ৰীৰ বাবে পৃথক শৌচাগাৰ বা বিনামূলীয়া চেনিটেৰী নেপকিনৰ সুবিধা নাথাকে, তেন্তে তেনে শিক্ষানুষ্ঠানৰ স্বীকৃতি বাতিল কৰাৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈও চৰকাৰক নিৰ্দেশ দিয়া হৈছে। পৰ্যাপ্ত সুবিধাৰ অভাৱত বিদ্যালয় আধাতে ত্যাগ কৰা ছাত্ৰীৰ সংখ্যা হ্ৰাস কৰাৰ লক্ষ্যৰেই এই ঐতিহাসিক ৰায় প্ৰদান কৰা হৈছে। ৰায়দানৰ সময়ত ন্যায়াধীশ পাৰ্দিৱালাই এক আৱেগিক মন্তব্য কৰি কয় যে এই ঘোষণা কেৱল আইনী ব্যৱস্থাৰ বাবে নহয়, বৰঞ্চ সেইসকল ছাত্ৰীৰ বাবে যিয়ে শ্ৰেণীকোঠাত সহায় খুজিবলৈ কুণ্ঠাবোধ কৰে। আনহাতে, হাৰিয়ানাৰ মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ত মহিলা কৰ্মচাৰীৰ ক্ষেত্ৰত সংঘটিত হোৱা এক অপমানজনক পৰীক্ষাৰ ঘটনাক কেন্দ্ৰ কৰি ন্যায়ালয়ে এনে ‘পিৰিয়ড শ্বেমঙ’ৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। যিকোনো কাৰ্যক্ষেত্ৰ বা শিক্ষানুষ্ঠানত মহিলাৰ জৈৱিক পাৰ্থক্যৰ প্ৰতি সন্মান জনোৱাটো কৰ্তৃপক্ষৰ দায়িত্ব বুলি আদালতে সোঁৱৰাই দিয়ে। Share this:FacebookX Related Post navigation কৰ্তব্যৰত অৱস্থাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত বনৰক্ষী দিলীপ কোঁৱৰক বন শ্বহীদ ঘোষণা অসম বন কৰ্মচাৰী সন্থাৰ ; পৰিয়ালক উপযুক্ত আর্থিক ক্ষতিপূৰণসহ নিযুক্তিৰ দাবী বিহুৰ পূৰ্বেই ৰাজ্যত বিধানসভা নিৰ্বাচনঃ ঘোষণাৰ বাবে সাজু নিৰ্বাচন আয়োগ