দেশৰ তদন্তকাৰী সংস্থাসমূহে প্ৰথমে গুলীয়াই পাছত প্ৰশ্ন সোধাৰ যি নীতি গ্ৰহণ কৰিছে, তাক লৈ শুকুৰবাৰে কঠোৰ স্থিতি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে। ৰাজস্থান আৰক্ষীয়ে এজন সাংবাদিকৰ বিৰুদ্ধে ৰুজু কৰা ধন দাবী আৰু প্ৰৱঞ্চনাৰ এক গোচৰ খাৰিজ কৰি উচ্চতম ন্যায়ালয়ে আৰক্ষীক জেমছ বণ্ডৰ দৰে আচৰণ নকৰিবলৈ সকীয়নি দিয়ে। এজন প্ৰভাৱশালী ব্যক্তিৰ অভিযোগৰ ভিত্তিত অতি সহজে গোচৰ ৰুজু কৰা আৰু এজন সাধাৰণ মানুহৰ অভিযোগক গুৰুত্ব নিদিয়াৰ যি আৰক্ষীৰ চৰিত্ৰ, তাক লৈ আদালতে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে।

ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠে এই এফ আই আৰখনক সম্পূৰ্ণৰূপে ভুৱা বুলি অভিহিত কৰে। আদালতে কয় যে এনেধৰণৰ পক্ষপাতমূলক আচৰণে সমাজলৈ এক বিপজ্জনক বাৰ্তা প্ৰেৰণ কৰে যে এজন সাধাৰণ নাগৰিকে আইনৰ কাষ চাপিবলৈ হাবাথুৰি খাব লাগে, অথচ সুবিধাবাদী শ্ৰেণীৰ বাবে আৰক্ষীয়ে সকলো সুবিধা কৰি দিয়ে। ৰাজস্থান চৰকাৰৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ডি সঞ্জয়ক প্ৰশ্ন কৰি বিচাৰপীঠখনে কয়, “আপোনালোক কি জেমছ বণ্ড নেকি? প্ৰথমে গুলীয়াই তাৰ পাছতহে প্ৰশ্ন সুধিব নেকি?”

যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত জয়পুৰৰ অশোক নগৰ আৰক্ষী থানাত জী মিডিয়া কৰ্প’ৰেচন লিমিটেডৰ এক অভিযোগৰ ভিত্তিত এই গোচৰটো ৰুজু কৰা হৈছিল। অভিযোগ অনুসৰি, জী ৰাজস্থান চেনেলৰ প্ৰাক্তন আঞ্চলিক মুৰব্বী আশীষ দাভেই নিজৰ পদৰ অপব্যৱহাৰ কৰি বিভিন্ন পক্ষৰ পৰা ধন দাবী কৰিছিল। অৱশ্যে আশীষ দাভেই এই অভিযোগ অস্বীকাৰ কৰি ইয়াক ব্যক্তিগত সংঘাতৰ বাবে কৰা এক ষড়যন্ত্ৰ বুলি দাবী কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।

শুনানিৰ সময়ত আদালতে কয়, “কেৱল কোনোবাই কাৰোবাৰ বিৰুদ্ধে কিবা ক’লেই আপোনালোকে এফ আই আৰ ৰুজু কৰিব নেকি? আপোনালোকৰ মক্কেল কোনো বিশেষ ব্যক্তি হ’ব নোৱাৰে যাৰ বাবে আৰক্ষীয়ে আইনৰ নীতি একাষৰীয়া কৰি থব।”

ৰাজস্থান উচ্চ ন্যায়ালয়ে ইয়াৰ পূৰ্বে এই গোচৰটো খাৰিজ কৰিবলৈ অস্বীকাৰ কৰিছিল যদিও উচ্চতম ন্যায়ালয়ে ইয়াক আইনগতভাৱে অযোগ্য বুলি ৰায় দিয়ে। এই ৰায়ৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে কোনো সংবাদ প্ৰতিষ্ঠান বা প্ৰভাৱশালী ব্যক্তিৰ কথাত আৰক্ষীয়ে ভিত্তিহীনভাৱে ফৌজদাৰী গোচৰ ৰুজু কৰিব নোৱাৰিব। আদালতৰ এনে কঠোৰ স্থিতিৰ পাছতে এতিয়া দেশজুৰি আৰক্ষীৰ কাম-কাজক লৈ চৰ্চা আৰম্ভ হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *