অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাঞ্চল্যৰ মাজতে আজিৰে পৰা ছেচন আদালতত আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া। ২৫৬/২০২৫ নম্বৰৰ এই হাই-প্ৰফাইল গোচৰটোৰ প্ৰথমটো দিনৰ শুনানি ছেচন জাজৰ আদালতত আজি সম্পন্ন হয়। উল্লেখ্য যে, শিল্পীগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি ৰাজ্যজুৰি অব্যাহত থকা ন্যায়ৰ দাবীৰ মাজতে এতিয়া এই আইনী যুঁজে এক নিৰ্ণায়ক দিশ লাভ কৰিছে। অভিযুক্তৰ পক্ষত আজি অধিবক্তা ধ্ৰুৱজ্যোতি দাসে আদালতত হাজিৰ হৈ নিজৰ স্থিতি স্পষ্ট কৰে। ইফালে তদন্তকাৰী সংস্থা এছআইটিৰ এক গুৰুতৰ আইনী ত্ৰুটিৰ সুযোগ লৈ আজি জুবিন গাৰ্গৰ দুজন দেহৰক্ষীয়ে জামিনৰ আবেদন দাখিল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। নিয়ম অনুসৰি ৬০ দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰিব লাগিছিল যদিও এছআইটিয়ে ৮৪ দিনৰ পাছতহে সেয়া আদালতত জমা দিয়ে। তদন্তকাৰী সংস্থাৰ এই ইচ্ছাকৃত কিম্বা অনিচ্ছাকৃত বিলম্বই এতিয়া অভিযুক্ত দেহৰক্ষী দুজনক জামিনৰ যুঁজত বিশেষভাৱে সহায় কৰিব বুলি আইনী বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। যদিও তেওঁলোকৰ বিৰুদ্ধে পোনপটীয়া হত্যাৰ ধাৰা নাই, তথাপিও তদন্তৰ এই লেহেমীয়া গতিয়ে এতিয়া বিচাৰ প্ৰক্ৰিয়াৰ ওপৰতে প্ৰশ্ন চিহ্নৰ সৃষ্টি কৰিছে। আনহাতে এই গোচৰৰ তদন্তৰ তদাৰকী কোষে আজি আদালতৰ ওচৰত অধিক অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে বিশেষ অনুমতি বিচাৰিব পাৰে বুলি খবৰ পোৱা গৈছে। তদুপৰি দেহৰক্ষী দুজনক আন কোনো পৃথক গোচৰত গ্ৰেপ্তাৰ দেখুৱাই জে’লতে ৰখাৰো এক সম্ভাৱনা নথকা নহয়। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সত্য উন্মোচন কৰিবলৈ এতিয়া সমগ্ৰ গোচৰটোৱে ছেচন আদালতৰ আওতাত এক নতুন গতি লাভ কৰিছে। Share this:FacebookX Related Post navigation বাংলাদেশত ৰাজনৈতিক হিংসা অব্যাহত, ছাত্ৰ নেতাক গুলী কাবুলি বুটৰ উপকাৰী গুণৰ বিষয়ে জানেনে