প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হত্যা গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ মালিকানাধীন ‘মহাবীৰ একুৱা’ নামৰ খোৱাপানীৰ উদ্যোগটো বাজেয়াপ্ত কৰিবলৈ আদালতত আবেদন জনাইছে এচ আই টিয়ে। কামৰূপ জিলাৰ ছয়গাঁৱত থকা এই উদ্যোগটোত সিদ্ধাৰ্থ শৰ্মাই ১.১০ কোটি টকা বিনিয়োগ কৰাৰ তথ্য লাভ কৰিছে তদন্তকাৰী সংস্থাটোৱে। যিহেতু জুবিন গাৰ্গক শোষণ কৰা টকাৰে এই বিনিয়োগ কৰা হৈছিল, সেয়েহে এছ আই টিয়ে আইনী প্ৰক্ৰিয়াৰে উদ্যোগটো বাজেয়াপ্ত কৰাৰ বাবে কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত শেহতীয়াকৈ আবেদন দাখিল কৰিছে। উল্লেখ্য যে, মহাবীৰ একুৱাত সিদ্ধাৰ্থৰ সৈতে অংশীদাৰ মালিক হিচাপে আছে চেতন ধীৰাচাৰিয়া নামৰ এজন ব্যৱসায়ী। ইয়াৰ বিপৰীতে, চেতন ধীৰাচাৰিয়াই শেহতীয়াকৈ উদ্যোগটো খুলি দিবলৈ আদালতত আবেদন জনাইছিল যদিও এছ আই টিয়ে ইয়াৰ বিৰোধিতা কৰিছে। বৰ্তমান এছ আই টিৰ আবেদনৰ ভিত্তিতে আদালতে বিপৰীত পক্ষলৈ জাননী জাৰি কৰিছে। সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা এই খোৱাপানীৰ উদ্যোগটো এছ আই টিয়ে জব্দ কৰি ৰাখিছে। Share this:FacebookX Related Post navigation অহা দুদিনলৈকে ৰাজ্যত অব্যাহত থাকিব কুঁৱলীৰ প্ৰকোপঃ নিম্নগামী তাপমাত্ৰা আমেৰিকাত ভাৰতীয় যুৱতীৰ নৃশংস হত্যা! প্ৰেমিকৰ বিৰুদ্ধে হত্যাৰ সন্দেহ