অষ্ট্ৰেলিয়া ভ্ৰমণত থকা ভাৰতীয় দলটোৱে দ্বিতীয়খন এদিনীয়া এডিলেইড অ’ভেল খেলিব। বৃহস্পতিবাৰে ইয়াত দুয়োটা দলৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন এদিনীয়া, যি পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব। প্ৰথমখন এদিনীয়াত জয়লাভ কৰি আয়োজক দলটোৱে তিনিখন মেচৰ শৃংখলাত ১-০ ত আগবাঢ়ি আছে। দ্বিতীয়খন এদিনীয়া ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই মেচত পৰাস্ত হ’লে ছিৰিজ হেৰুৱাব। এটা জয়ে তেওঁলোকক সমতালৈ আনিব পাৰে।এডিলেইডত ১৭ বছৰে ভাৰতে কোনো এদিনীয়া মেচত পৰাস্ত হোৱা নাই। দলটোৱে একেৰাহে তৃতীয়বাৰৰ বাবে জয় নিশ্চিত কৰাৰ সুযোগ লাভ কৰিছে। বিৰাট কোহলীয়েও এই খেলপথাৰত আন প্ৰতিখন মেচতে শতক অৰ্জন কৰি আছে। এতিয়া লক্ষ্যণীয় যে কোহলীয়ে নিজৰ প্ৰিয় খেলপথাৰত ভাৰতীয় দলটোক জয়ৰ দিশে আগুৱাই নিব পাৰিবনে নাই সেয়া চৰ্চাৰ বিষয় হৈ আছে। অষ্ট্ৰেলিয়াৰ এডিলেইড অভাল ভাৰতৰ ঘৰুৱা খেলপথাৰৰ দৰে। ভাৰতীয় দলটোৱে ইয়াত ১৫খন খেল খেলিছে, ৯খন খেলত জয়লাভ কৰি ৫খন খেলত পৰাস্ত হৈছে। অৰ্থাৎ ভাৰতৰ জয়-পৰাজয়ৰ অনুপাত ১.৮০০, যিটো অষ্ট্ৰেলিয়াৰ অন্যান্য খেলপথাৰতকৈ বেছি। এই খেলপথাৰত টিম ইণ্ডিয়াৰ শেষ পৰাজয় আছিল ২০০৮ চনৰ ১৯ ফেব্ৰুৱাৰীত শ্ৰীলংকাৰ বিৰুদ্ধে। এই খেলপথাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে একেৰাহে তৃতীয়বাৰৰ বাবে জয়লাভ কৰাৰ সুযোগ আছে ভাৰতে। ইয়াত পূৰ্বৰ দুয়োখন মেচত দলটোৱে জয়লাভ কৰিছে। বিগত চাৰিখন খেলত কেংগাৰুৱে জয়লাভ কৰিছে। এই খেলপথাৰত দুয়োটা দলে মুঠ ছখন খেল খেলিছে। মুঠতে ভাৰত আৰু অষ্ট্ৰেলিয়াই মুঠ ১৫৩খন এদিনীয়া খেলিছে। ইয়াৰে ৫৮খন খেলত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়াই ৮৫খনত জয়লাভ কৰে।দহখন মেচ ড্ৰ’ত সমাপ্ত হয়। অষ্ট্ৰেলিয়াৰ খেলপথাৰত কেংগাৰুৰ বিৰুদ্ধে ৫৫খন খেল খেলি ভাৰতে ১৪খন খেলত জয়লাভ কৰি ৩৯খন খেলত পৰাস্ত হৈছে। বৰ্তমানৰ দলটোৰ কথা ক’বলৈ হলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ সৰ্বাধিক সুন্দৰ প্ৰদৰ্শন আগবঢ়ায় বিৰাট কোহলীয়ে। ৫১খন মেচত ৫৩.২৮ গড়ে ২৪৫১ ৰান সংগ্ৰহ কৰিছে। এই খেলপথাৰত চাৰিখন মেচ খেলি কোহলীয়ে গড়ে ৬১.০০ ৰানত ২৪৪ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ উপৰিও তেওঁ দুটা শতক অৰ্জন কৰিছে, অৰ্থাৎ এডিলেইডত কোহলীয়ে প্ৰতি দ্বিতীয় ইনিংছত এটা শতক অৰ্জন কৰে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ শীৰ্ষ উইকেট দখলকাৰী ৰবীন্দ্ৰ জাডেজা। তেওঁ ৪৫খন মেচত ৩৯টা উইকেট দখল কৰিছে।বৰ্তমানৰ অষ্ট্ৰেলিয়ান দলত ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে অধিনায়ক মিচেল মাৰ্ছে। ২৪খন মেচত ৩৯.২৯ গড়ে ৯৪৩ ৰান সংগ্ৰহ কৰিছে। মাৰ্ছে তিনিটা শতক আৰু তিনিটা অৰ্ধশতক অৰ্জন কৰিছে। ভাৰতৰ বিৰুদ্ধে ২০খন খেলত ৩১টা উইকেট দখল কৰিছে মিচেল ষ্টাৰকে। Share this:FacebookX Related Post navigation ২০২৬ৰ ফিফা বিশ্বকাপলৈ ২২ দলৰ যোগ্যতা অৰ্জন ২০২৫ ছিজনৰ কোনো প্ৰতিযোগীতাত অংশ নলয় পি ভি সিন্ধুৱে