ভাৰতবৰ্ষৰ সামাজিক আৰু সাংস্কৃতিক প্রেক্ষাপটত এক সুকীয়া স্থান দখল কৰি অহা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক লৈ একাংশ মহলে চলাই থকা ধাৰণাৰ বিপৰীতে এক গুৰুত্বপূৰ্ণ স্পষ্টীকৰণ আগবঢ়াইছে সৰ্বোচ্চ নেতৃত্বই। সংঘৰ পোছাক, কুচকাৱাজ আৰু শাৰীৰিক কছৰতক লৈ সৃষ্টি হোৱা ভুল ধাৰণা দূৰ কৰি আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে সদৰী কৰে যে এই সংগঠনটো কোনো অৰ্ধসামৰিক বাহিনী নহয়।

ভূপালত এক বিশিষ্ট ব্যক্তিসকলৰ সমাৱেশত ভাষণ প্ৰদান কৰি তেওঁ কয় যে সমাজক একত্ৰিত কৰা আৰু দেশখন যাতে পুনৰ কোনো বিদেশী শক্তিৰ কবলত নপৰে, তাৰ বাবে জনসাধাৰণক গুণী তথা গুণৱান কৰি তোলাটোহে সংঘৰ মূল লক্ষ্য।

উল্লেখযোগ্য যে, সংঘক লৈ গঢ়ি উঠা তথাকথিত নেতিবাচক ধাৰণাসমূহক সমালোচনা কৰি ভাগৱতে কয় যে বহুতে তথ্যৰ গভীৰলৈ নগৈ কেৱল ইণ্টাৰনেটৰ ভুল তথ্যৰ ওপৰত ভিত্তি কৰি এক মিছা ধাৰণাৰ বলি হয়। তেওঁৰ মতে, সংঘ কাৰো বিৰোধিতা বা প্ৰতিক্ৰিয়াস্বৰূপে জন্ম হোৱা সংগঠন নহয় আৰু ই আন কাৰো সৈতে প্ৰতিযোগিতাতো লিপ্ত নহয়। ব্ৰিটিছৰ আগমণৰ পৰা আৰম্ভ কৰি ইতিহাসৰ বিভিন্ন সন্ধিক্ষণত ভাৰতীয়সকল কিয় বাৰে বাৰে বিদেশীৰ হাতত পৰাস্ত হ’বলগীয়া হৈছিল, সেই কাৰণসমূহ বিশ্লেষণ কৰি তেওঁ সমাজৰ ঐক্যবদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অন্যহাতে, ব্যক্তিগত স্বাৰ্থৰ উৰ্ধত উঠি দেশৰ হিতৰ বাবে কাম কৰিবলৈ তেওঁ আহ্বান জনায়। সমাজ যদি গুণগতভাৱে একত্ৰিত হয়, তেন্তে দেশৰ ভাগ্য পৰিৱৰ্তন নিশ্চিত বুলিও তেওঁ দাবী কৰে। শতবৰ্ষত ভৰি দিয়া এই অনন্য সংগঠনটোৰ প্ৰকৃত স্বৰূপ বুজিবলৈ নিৰ্ভৰযোগ্য উৎসৰ সহায় ল’বলৈ তেওঁ জনসাধাৰণক পৰামৰ্শ আগবঢ়ায়।

Leave a Reply

Your email address will not be published. Required fields are marked *