এগৰাকী ১৯ বছৰীয়া যুৱতীৰ জীৱনৰ মোৰ সলনি কৰি দিলে এটা সাহসী সিদ্ধান্তই। স্বামী, পিতৃ-মাতৃ আৰু প্ৰেমিক- সকলোৰে উপস্থিতিত আদালতৰ কক্ষত থিয় হৈ নিজৰ ভৱিষ্যতৰ বাবে এক বিশেষ পথ বাছি ল’লে এইগৰাকী যুৱতীয়ে। “মই এগৰাকী প্ৰাপ্তবয়স্ক। মই মোৰ নিজৰ ইচ্ছাত জীয়াই আছোঁ। মই মোৰ স্বামী বা পিতৃ-মাতৃ কাৰো লগতে থাকিব নিবিচাৰোঁ”- আদালতৰ মজিয়াত যুৱতীগৰাকীয়ে কৰা এই মন্তব্যই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ গোৱালিয়ৰ বিচাৰপীঠে যুৱতীগৰাকীৰ এই স্পষ্ট মতক গুৰুত্ব সহকাৰে গ্ৰহণ কৰি এক তাৎপৰ্যপূৰ্ণ ৰায় প্ৰদান কৰে।

ঘটনাৰ সূত্ৰপাত হৈছিল যুৱতীগৰাকীৰ স্বামীয়ে দাখিল কৰা এক ‘হেবিয়াছ ক’ৰ্পাছ’ আবেদনক কেন্দ্ৰ কৰি। স্বামীৰ অভিযোগ আছিল যে অনুজ কুমাৰ নামৰ এজন ব্যক্তিয়ে তেওঁৰ পত্নীক অবৈধভাৱে আৱদ্ধ কৰি ৰাখিছে। আৰক্ষীয়ে যুৱতীগৰাকীক উদ্ধাৰ কৰি আদলতত হাজিৰ কৰোৱাৰ পাছতহে সমগ্ৰ ৰহস্য পোহৰলৈ আহে। বিচাৰকৰ প্ৰশ্নৰ উত্তৰত যুৱতীগৰাকীয়ে কোনো দ্বিধাবোধ নোহোৱাকৈ কয় যে তেওঁৰ বিয়াখন সফল হোৱা নাছিল। ১৯ বছৰীয়া যুৱতীগৰাকীৰ স্বামীৰ বয়স আছিল ৪০ বছৰ। এই ২১ বছৰীয়া বয়সৰ ব্যৱধান আৰু স্বামীৰ দুৰ্ব্যৱহাৰৰ বাবেই তেওঁ প্ৰেমিকৰ সৈতে থাকিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।

আদালতে যুৱতীগৰাকীক সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ পৰামৰ্শ দিছিল যদিও তেওঁ নিজৰ স্থিতিত অটল থাকে। তেওঁৰ প্ৰেমিকেও আদালতক আশ্বাস দিয়ে যে তেওঁ যুৱতীগৰাকীৰ সম্পূৰ্ণ যত্ন আৰু নিৰাপত্তাৰ দায়িত্ব গ্ৰহণ কৰিব। ন্যায়াধীশ আনন্দ পাঠক আৰু ন্যায়াধীশ পুষ্পেন্দ্ৰ যাদৱৰ ডিভিজন বেঞ্চে ৰায় দিয়ে যে এগৰাকী প্ৰাপ্তবয়স্কৰ কণ্ঠস্বৰেই আটাইতকৈ গুৰুত্বপূৰ্ণ। যিহেতু যুৱতীগৰাকী কাৰো অবৈধ নিয়ন্ত্ৰণত নাই, গতিকে তেওঁ কাৰ সৈতে থাকিব সেয়া তেওঁৰ ব্যক্তিগত অধিকাৰ বুলি আদালতে ঘোষণা কৰে।

আইনী বিবাদ হিচাপে আৰম্ভ হোৱা এই গোচৰটোৱে শেষত ব্যক্তিগত স্বাধীনতাৰ এক নিদৰ্শন দাঙি ধৰে। যুৱতীগৰাকীক তেওঁৰ প্ৰেমিকৰ সৈতে যাবলৈ অনুমতি দিয়াৰ লগতে আদালতে তেওঁৰ নিৰাপত্তাৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আগন্তুক ছমাহৰ বাবে ‘শৌৰ্য দিদি’ নামৰ বিশেষ বিষয়াই যুৱতীগৰাকীৰ নিৰাপত্তা আৰু মংগলৰ বুজ লৈ থাকিব। প্ৰাপ্তবয়স্ক এগৰাকীৰ জীৱনৰ চূড়ান্ত সিদ্ধান্ত যে তেওঁৰ নিজৰ হাতত থাকে, আদালতৰ এই ৰায়ে সেই কথাকে পুনৰবাৰ সাব্যস্ত কৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *