আজি উৰুকা। কাইলৈ ভোগালী বিহু। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ৰাজধানী মহানগৰ গুৱাহাটীৰ বাসিন্দাসকলেও উৰুকাৰ নিশা মাছে মঙহে সাঁজ লগে ভাগে খাই ভোগালীক আদৰিব। গুৱাহাটী মহানগৰীৰ ঐতিহাসিক উজান বজাৰ মাছৰ বজাৰলৈ নিজ নিজ পচন্দৰ মাছ কিনিবলৈ মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লগতে আন আন ঠাইৰ পৰা অহা গ্ৰাহকে পুৱাতি নিশাৰ পৰা ভিৰ কৰিছে। কি মাছ নাই বজাৰ খনত। চিতল, ৰৌ, ভকুৱা, আৰি, বৰালি, শিলঘৰীয়া মাছেৰে ভৰি পৰিছে বজাৰ। উজানবজাৰৰ ব্ৰহ্মপুত্ৰৰ বালিচৰৰ এই বজাৰখনলৈ আহিছে বৰপেটা, নগাঁও, মঙলদৈ, ছিপাঝাৰ, নলবাৰী,হাজো, তেজপুৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মাছ আহিছে। Share this:FacebookX Related Post navigation নিৰ্বাচন আয়ুক্তক অপৰাধমূলক গোচৰৰ পৰা আজীৱন ৰেহাই! কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ জাননী ঝাৰখণ্ডৰ হাজাৰীবাগত ভয়ংকৰ বোমা বিস্ফোৰণঃ তিনিজনৰ থিতাতে মৃত্যু