জনপ্ৰিয় অভিনেতা থলাপতি বিজয়ৰ বহু প্ৰত্যাশিত ছবি ‘জন নায়গন’ৰ মুক্তিৰ আইনী যুঁজত এতিয়া এক ডাঙৰ বিজয় সাব্যস্ত কৰে চলচ্চিত্ৰ নিৰ্মাতা তথা অনুৰাগীসকলে। চেন্সৰ বোৰ্ডক ছবিখনৰ বাবে ‘U/A’ প্ৰমাণপত্ৰ জাৰী কৰিবলৈ শুকুৰবাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এক তাৎপৰ্যপূৰ্ণ নিৰ্দেশ দিয়ে। ন্যায়ালয়ে স্পষ্টকৈ কয় যে ব্যক্তিগত অভিযোগৰ ভিত্তিত চিনেমাৰ মুক্তিত বাধা প্ৰদান কৰিলে এক ‘ভয়ংকৰ ধাৰা’ৰ সৃষ্টি হ’ব, যিয়ে ছবি জগতৰ স্বতন্ত্ৰতাত বিৰূপ প্ৰভাৱ পেলাব পাৰে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পি টি আশাই ছবিখন চেণ্ট্ৰেল বোৰ্ড অৱ ফিল্ম চাৰ্টিফিকেচনৰ (CBFC) পুনৰীক্ষণ সমিতিলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত খাৰিজ কৰি মুক্তিৰ অনুমতি প্ৰদান কৰে। এজন সদস্যৰ ব্যক্তিগত অভিযোগৰ পাছতে চেন্সৰ বোৰ্ডে ছবিখন পুনৰীক্ষণৰ বাবে প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ পূৰ্বে কে ভি এন প্ৰডাকচনে বুধবাৰে নিশা ছবিখনৰ মুক্তি পিছুৱাই দিবলৈ বাধ্য হৈছিল। উল্লেখ্য যে ৯ জানুৱাৰী অৰ্থাৎ শুকুৰবাৰৰ পৰাই ছবিখন ছবিগৃহত মুক্তি দিয়াৰ বাবে প্ৰাৰম্ভিক পৰিকল্পনা কৰিছিল। ‘লাইভ ল’ৰ প্ৰতিবেদন অনুসৰি, চেন্সৰ বোৰ্ডৰ সমিতিয়ে দিয়া পৰামৰ্শ অনুসৰি ছবিখনত প্ৰয়োজনীয় সালসলনি কৰাৰ পাছতে সংশ্লিষ্ট প্ৰমাণপত্ৰখন স্বয়ংক্ৰিয়ভাৱে লাভ কৰিব বুলি মাদ্ৰাজ উচ্চ ন্যায়ালয়ে মত পোষণ কৰে। এই আইনী বাধা আঁতৰি যোৱাৰ পাছত এতিয়া থলাপতি বিজয়ৰ অনুৰাগীসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। দক্ষিণ ভাৰতৰ ৰাজনীতি আৰু সমাজ ব্যৱস্থাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা ‘জন নায়গন’ক লৈ চলচ্চিত্ৰ বজাৰত ইতিমধ্যে এক চৰ্চা চলিছে। Share this:FacebookX Related Post navigation আদালতে লালু যাদৱ পৰিয়ালৰ বিৰুদ্ধে লেণ্ড ফৰ জব কেলেংকাৰীৰ অভিযোগ গঠন কৰিবলৈ নিৰ্দেশ মৰৱাডী বিশ্ববিদ্যালয়ে উজ্জ্বল গুজৰাট সন্মেলনত কেন্দ্ৰীয় স্থান লাভ কৰিছে