বিৰোধীৰ ভোট বেংকৰ ৰাজনীতি এতিয়া ভাৰতৰ বাবে এক মাৰাত্মক সংকট হৈ পৰিছে। মঙলবাৰে এইদৰে বিৰোধীক তীব্ৰ আক্ৰমণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিয়ে যে অনুপ্ৰৱেশকাৰীক ৰুধিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিশেষ ইনটেনচিভ পুছবেক (এছআইপি) পদক্ষেপত তেওঁ অটল থাকিব। দেশৰ স্বাৰ্থতকৈ বিৰোধীয়ে কেৱল নিজৰ ভোটৰ অংককহে অগ্ৰাধিকাৰ দিয়া বুলিও তেওঁ অভিযোগ কৰে।

অসমৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ লক্ষ্যৰে চলোৱা এই অভিযানত শেহতীয়াকৈ ২০ জন সন্দেহযুক্ত অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি পুনৰ পুছবেক কৰা হৈছে।

মুখ্যমন্ত্ৰীৰ মতে, ৰাজ্যৰ জনগাঁথনিৰ ভাৰসাম্য ৰক্ষাৰ বাবে এই কঠোৰ ব্যৱস্থা অনিবাৰ্য। এই বিশেষ অভিযানক জনপ্ৰিয় বিনিয়োগৰ শব্দৰ সৈতে তুলনা কৰি তেওঁ কয়, “য়েহ এছআইপি চহি হ্যায়”।

সীমান্ত ব্যৱস্থাপনা আৰু অবৈধ বিদেশীৰ বিষয়টোক লৈ ৰাজ্যত চলি থকা তীব্ৰ বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰীৰ এই স্থিতি যথেষ্ট তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *