দেশত ধঁপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰ আৰু বিক্ৰী নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ধঁপাতৰ অপকাৰিতাৰ পৰা জনসাধাৰণক ৰক্ষা কৰিবলৈ আৰু ইয়াৰ ক্ৰয় ক্ষমতা হ্ৰাস কৰিবলৈ চৰকাৰে এক নতুন আইন প্ৰণয়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কেন্দ্ৰীয় শুল্ক (সংশোধনী) বিধেয়ক ২০২৫ ইতিমধ্যে লোকসভা আৰু ৰাজ্যসভাত গৃহীত হৈছে, যাৰ ফলত চিগাৰেটৰ মূল্যত এক অভূতপূৰ্ব বৃদ্ধি দেখিবলৈ পোৱা যাব। প্ৰকাশিত বাতৰি অনুসৰি, এই নতুন বিধেয়কখন আইনত পৰিণত হ’লে বৰ্তমান যি একোটা চিগাৰেটৰ মূল্য ১৮ টকা, তাৰ মূল্য ৭২ টকালৈ বৃদ্ধি পাব। কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে সংসদৰ শীতকালীন অধিৱেশনত এই গুৰুত্বপূৰ্ণ বিধেয়কখন উত্থাপন কৰিছিল। বিশেষকৈ চিগাৰেটৰ দৈৰ্ঘ্য আৰু ধৰণৰ ভিত্তিত উপ কৰ বৃদ্ধি কৰি ইয়াৰ বিক্ৰী সীমিত কৰাই হৈছে এই আইনৰ মূল উদ্দেশ্য। বৰ্তমানৰ আইন অনুসৰি এক হাজাৰ চিগাৰেটৰ বাবে ২০০-৭৩৫ টকা পৰ্যন্ত শুল্ক আৰোপ কৰা হৈছিল। কিন্তু নতুন আইনৰ অধীনত এই শুল্কৰ পৰিমাণ ২৭০০ টকাৰ পৰা ১১,০০০ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। চৰকাৰৰ এই পদক্ষেপে ধঁপাত সেৱনকাৰীসকলৰ মাজত কেনে প্ৰভাৱ পেলায়, সেয়া হ’ব লক্ষ্যণীয়। Share this:FacebookX Related Post navigation ৰাজ্যত প্ৰচণ্ড শীত জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীটক লৈ পত্নী গৰিমাৰ বিস্ফোৰক পোষ্টঃ শ্যামকানু-সিদ্ধাৰ্থৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ