হেনলি পাছপ’ৰ্ট সূচকাংকত ভাৰতে বৃহৎ সফলতা অৰ্জন কৰিছে। যোৱা ছমাহত ভাৰতে ৮৫ নং স্থানৰ পৰা ৭৭ নম্বৰলৈ উন্নীত হৈছে। এখন দেশৰ পাছপ’ৰ্টধাৰীয়ে ভিছা অবিহনে কিমান দেশত প্ৰৱেশ কৰিব পাৰে তাৰ ওপৰত ভিত্তি কৰি এই সূচকাংকত বিশ্বৰ শক্তিশালী পাছপ’ৰ্টৰ স্থান নিৰ্ধাৰণ কৰা হৈছে। শেহতীয়া বছৰবোৰত পৰম্পৰাগতভাৱে শক্তিশালী দেশ যেনে আমেৰিকা আৰু ইউ কেৰ অৱনতি ঘটিছে আৰু ভাৰত আৰু চৌদি আৰৱৰ দৰে আন দেশসমূহে ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।

হেনলি এণ্ড পাৰ্টনাৰ্ছৰ চিইঅ’ ড০ জুৰ্গ ষ্টেফেনে কয় যে আমেৰিকা আৰু ব্ৰিটেইনৰ পৰিৱৰ্তিত নীতিৰ দ্বাৰা প্ৰভাৱিত প্ৰব্ৰজনৰ নতুন আৰ্হিৰ ফল। পাছপ’ৰ্ট সূচকাংক অনুসৰি ছিংগাপুৰ এতিয়াও বিশ্বৰ আটাইতকৈ শক্তিশালী পাছপ’ৰ্ট হৈয়ে আছে। ইয়াৰ নাগৰিকে বিশ্বৰ ২২৭ টা গন্তব্যস্থানৰ ভিতৰত ১৯৩ টা স্থানত ভিছা বিনামূলীয়াকৈ প্ৰৱেশ কৰিব পাৰে। আনহাতে আফগানিস্তান বিশ্বৰ আটাইতকৈ নিম্ন পাছপ’ৰ্ট হৈয়েই আছে, য’ত ২৫খন দেশৰ মাত্ৰ ২৫টা গন্তব্যস্থানলৈ ভিছা বিনামূলীয়াকৈ প্ৰৱেশৰ সুবিধা আছে। পাছপ’ৰ্ট সূচকাংকত ৭৭ নম্বৰ স্থানলৈ উন্নীত হোৱাৰ লগতে ৫৯টা গন্তব্যস্থানত ভিছামুক্ত প্ৰৱেশৰ সুবিধা আছে।

ইয়াৰ মূল কাৰণ হৈছে আমেৰিকা আৰু ব্ৰিটেইনৰ পাছপ’ৰ্টৰ দুৰ্বলতা। হেনলীৰ চিইঅ’ ষ্টিফেনে কয় যে এখন দেশৰ পাছপ’ৰ্টৰ মৰ্যাদাই কূটনীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত ইয়াৰ প্ৰভাৱ প্ৰতিফলিত কৰে। ষ্টিফেনে কয়, আপোনাৰ পাছপ’ৰ্ট এতিয়া কেৱল ভ্ৰমণৰ নথি নহয় – ই দেশখনৰ কূটনৈতিক প্ৰভাৱ আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ প্ৰতিফলন।

Leave a Reply

Your email address will not be published. Required fields are marked *