পাহৰি যোৱা ভাৰতীয় ব্যঞ্জন আৰু পৰম্পৰাগত ৰন্ধন কৌশলৰ পুনৰুজ্জীৱিতকৰণৰ লক্ষ্যৰে অসমত আইটিচি লিমিটেডৰ ছানৰাইজ স্পাইচেছে ‘দ্য লষ্ট ৰেচিপি’ পদক্ষেপ আৰম্ভ কৰিছে। ২২ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত এই বিশেষ অনুষ্ঠানত ১০০ৰো অধিক ঘৰুৱা ৰান্ধনী আৰু ঐতিহ্যমণ্ডিত খাদ্য অনুৰাগীক একত্ৰিত কৰি যুগ যুগ ধৰি চলি অহা ৰেচিপিৰ লগতে ইয়াৰ আঁৰৰ কাহিনী আৰু সাংস্কৃতিক স্মৃতিসমূহো উপস্থাপন কৰা হয়। ‘অল্ড ইজ গল্ড’ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি আয়োজিত এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলক লাহে লাহে ৰন্ধা-বঢ়া কৰা শ্ল’ কুকিং, স্মকিং পদ্ধতি আৰু প্ৰয়োজনীয় মছলাৰ স্তৰ প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰা হৈছিল। আঞ্চলিক খাদ্য পৰম্পৰা ৰক্ষাৰ কামৰ বাবে জনপ্ৰিয় অসমীয়া চেফ অতুল লহকৰৰ নেতৃত্বত বিশিষ্ট বিচাৰকে ব্যঞ্জন সমূহৰ বিচাৰ কৰে।

মুঠ ৩৬গৰাকী চূড়ান্ত প্ৰতিযোগীৰ মাজৰ পৰা নীলাক্ষী দুৱাৰাই শুকান খৰিচাৰ সৈতে মাগুৰ মাছৰ ব্যঞ্জন ন ৰূপত প্ৰস্তুত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে। মৃগাক্ষী দাস আৰু বৰ্ষা ভৰালীক ৰানাৰ্ছ-আপ হিচাপে ঘোষণা কৰা হয়। বিজয়ীসকলে চেফ জেকেট, ডিজাইনাৰ এপ্ৰন, ট্ৰফী, প্ৰমাণপত্ৰ, এখন গ্ৰন্থ, অনলি চেফ-দ্য স্কুল অৱ কালিনেৰী আৰ্টছৰ পৰা তিনি মাহৰ প্ৰমাণপত্ৰ পাঠ্যক্ৰম আৰু আইটিচি ছানৰাইজৰ তৰফৰ পৰা আকৰ্ষণীয় গিফট হেম্পাৰ লাভ কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ছানৰাইজ স্পাইচেছৰ ব্যৱসায়িক মুৰব্বী পীয়ুষ মিশ্ৰই কয় যে, এই পদক্ষেপ উত্তৰ-পূৰ্বাঞ্চলৰ অংশীদাৰী খাদ্য ঐতিহ্যৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি। গুৱাহাটীৰ এনে ঐতিহ্য-কেন্দ্ৰিক প্ৰচেষ্টাসমূহে ছানৰাইজ ৰাজ শ্বাহী গৰম মছলা আৰু হোল পাঁচফোৰনৰ দৰে আঞ্চলিক মচলাৰ মিশ্ৰণৰ প্ৰতি গ্ৰাহকৰ আগ্ৰহ-ব্যৱহাৰ বৃদ্ধি কৰিছে। ব্যৱসায়ীসকলে উল্লেখ কৰিছে যে অধিক পৰিয়ালে প্ৰামাণিক, ঘৰুৱা শৈলীৰ ৰন্ধন প্ৰণালী পুনৰ সৃষ্টি কৰিবলৈ বিচৰাৰ বাবে পৰম্পৰাগত মচলা মিশ্ৰৰ চাহিদা নিৰন্তৰ বৃদ্ধি পাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *