১৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া ইণ্ডিয়ান ছুপাৰ লীগত ওড়িশা এফ চিয়ে অংশগ্ৰহণ নিশ্চিত কৰিব বুলি আশাবাদী অল ইণ্ডিয়া ফুটবল ফেডাৰেচন। ক্রীড়া মন্ত্রী মনসুখ মাণ্ডবিয়াই মঙলবাৰে ঘোষণা কৰিছিল যে বাণিজ্যিক অংশীদাৰ অনুপলব্ধ নোহোৱাৰ বাবে পিছুৱাই দিয়া আই এছ এল ১৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব আৰু ১৪টা ক্লাবেই অংশগ্ৰহণ কৰিব যদিও ওড়িশা এফ চিয়ে অংশগ্ৰহণ নিশ্চিত কৰিবলৈ সময় বিচাৰিছে। এক সূত্ৰই জনোৱা মতে, তেৰটা ক্লাবে নিশ্চিত কৰিছে, কিন্তু ওড়িছা এফ চিয়ে সময় বিচাৰিছে। ডুৰাণ্ড কাপ আৰু ছুপাৰ কাপতো অংশ লোৱা নাছিল ওড়িশা এফ চিয়ে। তদুপৰি যোৱা বছৰৰ আগষ্ট মাহত খেলুৱৈ আৰু কৰ্মচাৰীৰ চুক্তিও বন্ধ হৈ পৰিছিল। আই এছ এলৰ প্ৰতিটো দলে ১৩খন মেচ খেলিব, আৰু যদি ওড়িশাই অংশগ্ৰহণ নকৰে তেন্তে তেওঁলোকে ১২খন মেচ খেলিব লাগিব, যাৰ ফলত মুঠ ৭৮খন মেচ হ’ব। ইমান কম সময়ৰ ভিতৰতে ৯১ বা ৭৮খন খেলৰ সময়সূচী নিৰ্ধাৰণ কৰাটো কঠিন হ’ব বুলি চৰ্চিত হৈছে। যোৱা বছৰ ১২ এপ্ৰিলত অনুষ্ঠিত হৈছিল আই এছ এলৰ অন্তিমখন ফাইনেল।ফিফাৰ উইণ্ডো ২৩ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ, এই সময়ছোৱাত ভাৰতে ২০২৭ এছিয়ান কাপৰ কোৱালিফাইং ৰাউণ্ডত মেচ খেলিব, যদিও ভাৰত ইতিমধ্যে দৌৰৰ পৰা বাহিৰ হৈছে। তদুপৰি এপ্ৰিল মাহত অতি গৰম হ’ব। Share this:FacebookX Related Post navigation ভাৰতত বাংলাদেশী খেলুৱৈৰ সুৰক্ষাৰক লৈ চিন্তিত বিচিবি শ্ৰীলংকা নহয়, চেন্নাই-তিৰুৱনন্তপুৰম বাংলাদেশৰ টি-২০ বিশ্বকাপ খেলাৰ নতুন চহৰ