মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্কনীতিৰ পৰিপ্ৰেক্ষিতত দেশৰ অৰ্থনীতিত এক দিশহাৰা অৱস্থাই বিৰাজ কৰিছে। আজি সৰ্বকালৰ অভিলেখ ভংগ কৰি এক আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য হ’লগৈ ৯১.৭৪ টকা। টকাৰ এই অভাৱনীয় পতনৰ ফলত বিনিয়োগ বজাৰত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

মুদ্ৰাৰ পতনৰ সমান্তৰালভাৱে দেশত সোনৰ মূল্যই প্ৰতিদিনেই নতুন অভিলেখ ৰচনা কৰিছে। দেশত বৰ্তমান ১০ গ্ৰাম সোনৰ মূল্য ১.৫৭ লাখ টকাত উপনীত হৈছে। গুৱাহাটীৰ বজাৰত আজি ১০ গ্ৰাম ২৪ কেৰেট বিশুদ্ধ সোনৰ মূল্য ১.৫৮ লাখ টকালৈ বৃদ্ধি পায়। উল্লেখ্য যে শেহতীয়া ২১ দিনত সোনৰ দাম প্ৰতি ১০ গ্ৰামত ২১ হাজাৰ টকাকৈ বৃদ্ধি পাইছে।

সোনৰ মূল্য বৃদ্ধি আৰু টকাৰ মূল্যৰ পতনে দেশৰ অৰ্থনীতি ক্ৰমান্বয়ে নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ উপক্ৰম হোৱা বুলি স্পষ্ট হৈ পৰিছে। শ্বেয়াৰ বজাৰৰ পতনমুখী ধাৰাই এই পৰিস্থিতিক অধিক ভয়াৱহ কৰি তুলিছে। বৰ্তমান বিনিয়োগকাৰীসকলে সোনক আটাইতকৈ নিৰ্ভৰযোগ্য বিনিয়োগ সামগ্ৰী হিচাপে বাচনি কৰা দেখা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *