আপুনি খোৱা আইচক্ৰীমৰ সোৱাদৰ আঁৰতো সোমাই আছে নেকি চৰকাৰী ৰাজনীতি? বুধবাৰে মোদী চৰকাৰক তীব্ৰ আক্ৰমণ কৰি ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে চৰকাৰে দেশৰ প্ৰতিটো খণ্ডতে একচত্ৰী আধিপত্য সৃষ্টি কৰি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক ধ্বংস কৰিবলৈ উঠি-পৰি লাগিছে। লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে দাবী কৰে যে কেইজনমান পচন্দৰ উদ্যোগপতিক লাভান্বিত কৰিবলৈ গৈ চৰকাৰে লাখ লাখ লোকক কৰ্মসংস্থাপন দিয়া ক্ষুদ্ৰ আইচক্ৰীম প্ৰস্তুতকাৰকসকলকো ৰেহাই দিয়া নাই। সংসদৰ শীতকালীন অধিবেশনৰ সময়ত একাংশ ক্ষুদ্ৰ আইচক্ৰীম ব্যৱসায়ীক লগ ধৰাৰ পাছত নিজৰ হোৱাটছএপ চেনেলত এক ভিডিঅ’ মুকলি কৰি ৰাহুলে কয়, “চৰকাৰে আইচক্ৰীমক বিশেষ ‘কম্পজিশ্যন আঁচনি’ৰ পৰা ইচ্ছা কৰি বাহিৰত ৰাখিছে, যাৰ ফলত জিএছটিৰ বোজাত তেওঁলোক অতিষ্ঠ হৈ পৰিছে। আনহাতে, বিজেপি শাসিত পৌৰ নিগমেও মাচুল দুগুণ বৃদ্ধি কৰিছে।” তেওঁৰ মতে, চৰকাৰে কেৱল সেইসকল উদ্যোগপতিকহে সহায় কৰিছে যিয়ে বিজেপিক পুঁজি যোগান ধৰে। ৰাহুল গান্ধীয়ে কয় যে আদানি-আম্বানীৰ দৰে একাংশ পুঁজিপতিৰ আধিপত্যই ভাৰতীয় অৰ্থনীতিৰ বাবে এক অভিশাপত পৰিণত হৈছে। “যেতিয়া আপুনি এজনৰ হাতত বজাৰৰ সকলো ক্ষমতা দি দিয়ে, তেতিয়া তেওঁ যি বিচাৰে তাকেই কৰিব পাৰে। ইয়াৰ ফলত বজাৰৰ নিয়ন্ত্ৰণ হেৰাই যায় আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকল নিচিহ্ন হৈ পৰে।” -তেওঁ অভিযোগ কৰে। গান্ধীৰ মতে, ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে দেশৰ নিবনুৱা যুৱক-যুৱতীসকলৰ ওপৰত, কিয়নো এমএছএমই খণ্ডটোৱেই সৰ্বাধিক কৰ্মসংস্থাপনৰ থলী। বিৰোধী দলপতিগৰাকীয়ে অৰ্থনীতিৰ লেকাম পুনৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ হাতত অৰ্পণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে তেনে কৰিলেহে দেশৰ জনসাধাৰণে কম দামত গুণগত সামগ্ৰী পাব আৰু অৰ্থনীতিৰ গাঁথনি শক্তিশালী হ’ব। বিজেপি চৰকাৰে ইচ্ছা কৰি এই ব্যৱসায়ীসকলক উপেক্ষা কৰিছে বুলিও কটাক্ষ কৰে ৰাহুল গান্ধীয়ে। Share this:FacebookX Related Post navigation আৰ জি কৰ কাণ্ড! এতিয়াৰে পৰা উচ্চ ন্যায়ালয়ৰ নিৰীক্ষণত চলিব গোচৰ; ভুক্তভোগীৰ পিতৃ-মাতৃক স্থিতি প্ৰতিবেদন দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ অপাৰেচন সেন্দূৰক লৈ কৰা মন্তব্যত অটল পৃথ্বীৰাজ চৌহান; ‘পাকিস্তানী মুখপাত্ৰ’ আখ্যা বিজেপিৰ