অসমৰ সাহিত্য জগতলৈ অনবদ্য অৱদান আগবঢ়াই অহা সাহিত্যিক সকলক উদ্গনি দিয়াৰ লক্ষ্যৰে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ৰাজ্যপাল প্রদত্ত এক নির্দেশ যোগে ২০২৫-২৬ বৰ্ষৰ বাবে সাহিত্য বঁটা আৰু সাহিত্যিক পেন্সন প্রাপক বিশিষ্ট সাহিত্যিকৰ নাম সমূহ পাঁচ ডিচেম্বৰত ঘোষণা কৰিছে। এইবেলি সাহিত্য বঁটাৰ বাবে ১৮ গৰাকী আৰু সাহিত্যিক পেন্সনৰ বাবে ১০জন বিশিষ্ট সাহিত্যিক নির্বাচিত কৰা হৈছে। সাহিত্য বঁটা লাভ কৰা সকলে ৫০ হাজাৰ টকাৰ এককালীনভাৱে লাভ কৰাৰ বিপৰীতে সাহিত্যিক পেন্সন লাভ কৰা সকলে মাহেকত ৮ হাজাৰ টকাকৈ লাভ কৰিব। সা হিত্য বঁটা লাভ কৰা ১৮ গৰাকী বিশিষ্ট সাহিত্যিক হ’ল ক্রমে- কামৰূপ মহানগৰ জিলাৰ ফণীন্দ্ৰ কুমাৰ দেব চৌধুৰী, ডঃ সূর্যকান্ত হাজৰিকা, ডঃ পূর্ণ ভট্টাচার্য, মজল পাল আৰু উর্মিলা চক্ৰৱৰ্তী, বৰপেটা জিলাৰ কিশোৰী মোহন দাস, বিশ্বনাথ জিলাৰ পূৰ্ণ কুমাৰ শৰ্মা, ডিব্ৰুগড় জিলাৰ অৰ্পণা কোঁৱৰ, হাইলাকান্দি জিলাৰ আশুতোষ দাস, কাৰ্বি আংলং জিলাৰ ভৱেন চন্দ্ৰ কোঁচ, কোকৰাঝাৰ জিলাৰ সাৰদা প্রসাদ মুছাহাৰী, নগাঁও জিলাৰ গুৰমাইল সিং, শিৱসাগৰ জিলাৰ ফণী কৈৰী, শোণিতপুৰ জিলাৰ ডঃ যতীন বৰুৱা, শ্রীভূমি জিলাৰ সুভাষ চন্দ্র সিনহা, তামুলপুৰ জিলাৰ বৰুৱা কান্ত ব্ৰহ্ম, তিনিচুকীয়া জিলাৰ গিৰীশ সন্দিকৈ আৰু গোলাঘাট জিলাৰ সুবৰ্ণ শইকীয়া। আনহাতে সাহিত্যক পেন্সন লাভ কৰা ১০ গৰাকী বিশিষ্ট সাহিত্যিক হ’ল ক্রমে- কামৰূপ মহানগৰ জিলাৰ দিলীপ, চন্দ্র শর্মা, শান্তনু কৌশিক বৰুৱা, মিহিৰ দেউৰী আৰু ৰণজিৎ হাজৰিকা, বিশ্বনাথ জিলাৰ গুঞ্জন কুমাৰ ফুকন, লখিমপুৰ জিলাৰ শশীধৰ দেউৰী, নলবাৰী জিলাৰ কমল কুমাৰ জৈন, তামুলপুৰ জিলাৰ সোণবৰ বৰুৱা, তিনিচুকীয়া জিলাৰ যতীন মৰাণ আৰু কাৰ্বি আংলং জিলাৰ থানেশ্বৰ গয়াৰী। Share this:FacebookX Related Post navigation মহিলা দৃষ্টিহীন টি ২০ বিশ্বকাপৰ বিজয়ী ভাৰতীয় দলৰ সদস্যা সিমু দাসক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ ২০২৪ ত পথ দুৰ্ঘটনাত ১.৭৭ লাখ লোকৰ মৃত্যু