প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ ইতিহাসত এইবাৰ ৰচনা হ’ল এক নতুন মাইলষ্টোন। ১৯৬০ চনৰ পৰা চলি অহা এই প্ৰতিষ্ঠানটোৰ সাধাৰণ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা সাংবাদিক সভাপতি হিচাপে নিৰ্বাচিত হ’ল। জ্যেষ্ঠ সাংবাদিক তথা অসম কন্যা সংগীতা বৰুৱা পিছাৰটিয়ে এই ঐতিহাসিক সফলতা অৰ্জন কৰে।

শনিবাৰে অনুষ্ঠিত নিৰ্বাচনৰ ফলাফল দেওবাৰে ঘোষণা কৰা হয়, য’ত সংগীতা বৰুৱা পিছাৰটিৰ নেতৃত্বাধীন পেনেলে সকলো পদত ২২-০ ব্যৱধানত অভূতপূৰ্ব জয় লাভ কৰে। এই বৃহৎ বিজয়ে সাংবাদিকতা ক্ষেত্ৰখনত নেতৃত্বৰ নতুন ধাৰা আৰু ইতিবাচক পৰিৱৰ্তনৰ ইংগিত দিছে বুলি মত প্ৰকাশ কৰা হৈছে।

এই নিৰ্বাচনত আফজল ইমাম সাধাৰণ সম্পাদক আৰু যতীন গান্ধী উপ-সভাপতি হিচাপে নিৰ্বাচিত হয়। লগতে অদিতি ৰাজপুত কোষাধ্যক্ষ আৰু পি আৰ সুনীল যুটীয়া সম্পাদক হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হয়। সংগীতা বৰুৱা পিছাৰটিৰ নেতৃত্বত এতিয়া প্ৰেছ ক্লাব অফ ইণ্ডিয়াত নাৰীশক্তিৰ এক নতুন সোঁত আৰু আধুনিক দৃষ্টিভংগীৰ প্ৰতিফলন দেখিবলৈ পোৱা যাব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *