গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীৰ পৰা কিছু নিলগৰ মেঘালয়ৰ ৰি-ভয় জিলাৰ পাথাৰখামাস্থিত ৱেষ্টাৰ্ণ ৰি-ভয় প্লে গ্ৰাউণ্ডত ওৰাল চিংক্লি কলনী এণ্ড বাৰিষ্টাৰ লিংডোৰ উদ্যোগত আৰু পাথাৰখামা স্পৰ্টছ ক্লাৱৰ সহযোগত অহা ১০ মাৰ্চৰ পৰা নকআউট পদ্ধতিত প্ৰথম মুকলি প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। পুৰুষ আৰু মহিলা উভয় শাখাতে অনুষ্ঠিত হবলগীয়া প্ৰতিযোগিতাত উত্তৰ পূব ভাৰতৰ উপৰিও দেশৰ আন ৰাজ্যৰ ফুটবল দলেও ভাগ লব পাৰিব। প্ৰতিযোগিতাৰ পুৰুষৰ চূড়ান্ত বিজয়ী দলক ১.৩০ লাখ টকা আৰু ৰাণাৰ্ছ আপ দলক ৭০ হাজাৰ টকা প্ৰদান কৰা হব। একেদৰে মহিলাৰ চূড়ান্ত বিজয়ী দলক ৬০ হাজাৰ টকা আৰু ৰাণাৰ্ছ আপ দলক ৩০ হাজাৰ টকা প্ৰদান কৰা হব। আনহাতে প্ৰতিযোগিতাত যোগদান কৰিবলগীয়া দলসমূহে যোগদান কৰিব বিচাৰিলে ৩ মাৰ্চৰ ভিতৰত নিজৰ দলৰ নাম পঞ্জীয়ন কৰিব লাগিব। এই বিষয়ে অধিক জানিব বিচাৰিলে ৮৭৮৭৪-১৩৪০৯ , ৮৮৩৭০-৬২৪৮৫ বা ৯৮৬৩৩-৯১৮২৫ মবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব। পুৰুষৰ দলে পঞ্জীয়ন মাছুলসহ ৫,৫০০ টকা আৰু মহিলা দলে ৪,১০০ টকা ৩ মাৰ্চৰ ভিতৰত আদায় দিব লাগিব। প্ৰতিযোগিতাসমুহ দূপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হব বুলি প্ৰতিযোগিতাৰ কো-অৰ্দিনেটৰ ওৰাল চিংক্লিয়ে জানিবলৈ দিছে। Share this:FacebookX Related Post navigation ওমানক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ বিদায় অষ্ট্ৰেলিয়াৰ বিৰোধীত আউল! ১৫ খন আসন নহ’লে মিত্ৰতা ভংগৰ হুংকাৰ অখিল গগৈৰ, কংগ্ৰেছক সকিয়নী