অসমীয়া সংগীতৰ মহাতাৰকা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰৰ প্ৰথমটো শুনানি মঙলবাৰে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অনুষ্ঠিত হ’ব। এই গুৰুত্বপূৰ্ণ শুনানিত গোচৰটোৰ সৈতে জড়িত সাত অভিযুক্তক আদালতত হাজিৰ কৰোৱাব লাগিব। বৰ্তমান বাক্সা আৰু হাফলং কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা এই সাত অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, আৰু জুবিনৰ দুই পিএছঅ’ পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা। ইয়াৰ পূৰ্বে নিৰাপত্তাজনিত কাৰণত অভিযুক্তকেইজনক কাৰাগাৰৰ পৰা ভাৰ্চুৱেলীহে হাজিৰ কৰোৱা হৈছিল। সেই গতিৰে মঙলবাৰৰ শুনানিতো ভাৰ্চুৱেলী হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ তদন্তৰ দায়িত্বত থকা চি আই ডিৰ এছ আই টিয়ে যোৱা ১২ ডিচেম্বৰত কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত প্ৰায় ১২ হাজাৰ পৃষ্ঠাৰ এক অভিযোগনামা দাখিল কৰিছিল। এই অভিযোগনামাৰ পিছতে মঙলবাৰৰ শুনানিটো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। Share this:FacebookX Related Post navigation দিল্লীত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ সৈতে লিয়নেল মেছিৰ বৈঠক বাতিল