মহাকাশ গৱেষণাৰ ইতিহাসত একাধিক অভিলেখৰ অধিকাৰী ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ সৈতে থকা তেওঁৰ সুদীৰ্ঘ ২৭ বছৰীয়া সম্পৰ্কৰ আনুষ্ঠানিক সমাপ্তি ঘটাই অৱসৰ গ্ৰহণ কৰিছে। আমেৰিকাৰ মহাকাশ সংস্থাটোৱে বুধবাৰে সদৰী কৰা তথ্য অনুসৰি, ৬০ বছৰীয়া উইলিয়ামছৰ এই অৱসৰ ২০২৫ চনৰ ২৭ ডিচেম্বৰৰ পৰা কাৰ্যকৰী কৰা হৈছে।

নাছাৰ প্ৰশাসক জেৰেড আইজাকমেনে উইলিয়ামছক মানৱ মহাকাশ উৰণৰ এগৰাকী পথ প্ৰদৰ্শক হিচাপে অভিহিত কৰি তেওঁৰ নেতৃত্বৰ শলাগ লয়। কৰ্মজীৱনৰ সময়ছোৱাত উইলিয়ামছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ তিনিটাকৈ গুৰুত্বপূৰ্ণ অভিযান চলাইছিল আৰু মহাকাশত মুঠ ৬০৮ দিন কটাই নাছাৰ দ্বিতীয়গৰাকী সৰ্বাধিক সময় মহাকাশত থকা মহাকাশচাৰী হিচাপে পৰিগণিত হয়। ইয়াৰ উপৰি ৯ বাৰকৈ মহাকাশ ভ্ৰমণ কৰি সৰ্বাধিক মহাকাশ ভ্ৰমণ কৰা মহিলা হিচাপেও তেওঁ ইতিহাস সৃষ্টি কৰে।

২০০৬ চনত মহাকাশযান ডিচকাভাৰীৰে যাত্ৰা আৰম্ভ কৰা সুনীতাই ২০১২ চনত মহাকাশ কেন্দ্ৰৰ কেপ্তেইন হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ অন্তিমটো অভিযান ২০২৪ চনৰ জুন মাহত আৰম্ভ হৈছিল, যিটো মহাকাশযানৰ কাৰিকৰী সমস্যাৰ বাবে ৯ মাহলৈ বৃদ্ধি পাইছিল। অৱশেষত ২০২৫ চনৰ মাৰ্চ মাহত পৃথিৱীলৈ সুকলমে উভতি অহাৰ পাছতেই তেওঁ অৱসৰৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *