কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টি সামৰি আজি ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। এই সন্দৰ্ভত যাৱতীয় তথ্য সদৰী কৰি কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত জিলা আয়ুক্ত সুমিত ছাত্তাৱনে কয় যে খচৰা ভোটাৰ তালিকা অনুসৰি দিছপুৰ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২ লাখ ৪৯ হেজাৰ ৭৪৬ জন। একেদৰে, ডিমৰীয়া সমষ্টিত ২ লাখ ২১ হেজাৰ ৯৯ জন, নিউ গুৱাহাটী সমষ্টিত ১ লাখ ৯৬ হেজাৰ ১৬ জন, গুৱাহাটী চেন্ট্ৰেল সমষ্টিত ১ লাখ ৯৮ হেজাৰ ৯১ জন আৰু জালুকবাৰী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২ লাখ ১০ হেজাৰ ৬২৪ জন। পাঁচটা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১০ লাখ ৭৫ হেজাৰ ৫৭৬ গৰাকী বুলি সদৰি কৰি জিলা আয়ুক্ত সুমিত ছাত্তাৱনে কয় যে খছৰা ভোটাৰ তালিকা সন্দৰ্ভত আজিৰে পৰা ২২ জানুৱাৰী পৰ্যন্ত ৰাইজে দাবী আৰু আপত্তি দাখিল কৰিব পাৰিব। একেদৰে, খচৰা ভোটাৰ তালিকা সন্দৰ্ভত অহা ৩, ৪, ১০ আৰু ১১ জানুৱাৰীত বিশেষ শিবিৰ অনুষ্ঠিত কৰা হ’ব। এইকেইটা দিনত বিশেষ অভিযোগ থাকিলে ৰাইজে দিব পাৰিব বুলি আয়ুক্ত সুমিত ছাত্তাৱনে সদৰি কৰে। তদুপৰি দাবী/আপত্তি সংশ্লিষ্ট নিৰ্বাচনী পঞ্জীয়ন বিষয়া অথবা বুথ পৰ্যায়ৰ বিষয়াক দাখিল কৰিব পাৰিব। অনলাইনৰ জৰিয়তেও voters.eci.gov.in অথবা voter helpline app ৰ জৰিয়তে দাবী, আপত্তি দাখিলৰ সুবিধা উপলব্ধ। তেওঁ পুনৰ কয় যে পূৰ্বতকৈ এইবাৰ ১.৬৩ শতাংশ ভোটাৰ বৃদ্ধি পাইছে। একেদৰে, পূৰ্বতকৈ ১০৫ টা ভোট কেন্দ্ৰ বৃদ্ধি কৰাৰ ফলত বৰ্তমান কামৰূপ মহানগৰ জিলাত মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হৈছে ১ হেজাৰ ৮২৫ টা। Share this:FacebookX Related Post navigation আয়ুৰ্বেদিক চিকিৎসা সন্থাৰ নতুন সমিতি গঠন মণিপুৰত সুৰক্ষা বাহিনীৰ বৃহৎ সফলতাঃ অভিযানত জালত পৰিল নিষিদ্ধ ঘোষিত কেচিপিৰ ৮ কেডাৰ