ৰাজ্যৰ ৰাজনীতিত এতিয়া নিৰ্বাচনী কুচকাৱাজ তীব্ৰতৰ হৈ পৰিছে। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ শাসকীয় দল বিজেপিয়ে নিজৰ ৰণনীতি অধিক আক্ৰমণাত্মক কৰি তুলিছে। শনিবাৰে গুৱাহাটীত অনুষ্ঠিত দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত অংশ লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰি কয় যে আগন্তুক ৬০ দিনৰ ভিতৰতে ৰাজ্যত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ব। এই ঘোষণাৰ লগে লগে অসমত নিৰ্বাচনৰ ওলোটা গণনা আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা বুলি ধৰিব পাৰি।

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই দুদিনীয়া গুৰুত্বপূৰ্ণ বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা দহ বছৰীয়া চৰকাৰৰ সাফল্যৰ খতিয়ান দাঙি ধৰে। আগৰ দিনত আন্দোলন নকৰিলে একো পোৱা নগৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান ৰাজ্যৰ বিভিন্ন জিলাত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পৰা আৰম্ভ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণলৈকে উন্নয়নৰ এক নতুন ধাৰা আৰম্ভ হৈছে। উন্নয়নক অস্তিত্ব ৰক্ষাৰ সমানেই গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ প্ৰতিটো পদক্ষেপৰ গুৰুত্ব বাখ্যা কৰে।

নিযুক্তিৰ প্ৰসংগতো মুখ্যমন্ত্ৰীয়ে নিজৰ চৰকাৰৰ সফলতাৰ কথা দৃঢ়তাৰে উল্লেখ কৰে। তেওঁ কয় যে প্ৰথমে ১.৫ লাখ চাকৰি দিয়াৰ কথা কওঁতে বহুতে বিশ্বাস কৰা নাছিল, কিন্তু এতিয়া চৰকাৰৰ পাঁচ বছৰীয়া কাৰ্যকাল শেষ হোৱাৰ পৰত ২ লাখ নিবনুৱাক চাকৰি প্ৰদান কৰিবলৈ সক্ষম হৈছে। এই বৃহৎ সাফল্যই আগন্তুক নিৰ্বাচনত দলক এক সুবিধাজনক স্থিতিত ৰাখিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

বিজেপিৰ এই ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু শীৰ্ষ নেতা উপস্থিত থাকি আগন্তুক নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰে। ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষৰ পৰা আৰম্ভ কৰি নিৰ্বাচনী প্ৰভাৰী বৈজয়ন্ত পাণ্ডালৈকে প্ৰায় ৮০০ জন দলীয় কৰ্মী আৰু সাংসদ-বিধায়কে এই বৈঠকত অংশ লয়। মূলতঃ সাংগঠনিক শক্তি বৃদ্ধি আৰু আগন্তুক নিৰ্বাচনৰ প্ৰত্যাহ্বান নেওকাৰ বাবে ল’বলগীয়া কৌশলসমূহেই আছিল এই বৈঠকৰ মূল আকৰ্ষণ।

Leave a Reply

Your email address will not be published. Required fields are marked *