কিশোৰ প্ৰজন্মৰ মাজত অনলাইন গেমিঙৰ মাৰাত্মক নিচাই কিদৰে জীৱন কাঢ়িব পাৰে তাৰেই এক ভয়াৱহ ঘটনা সংঘটিত হ’ল উত্তৰ প্ৰদেশৰ গাজিয়াবাদত। এটা আৱাসিক অট্টালিকাৰ নৱম মহলাৰ পৰা একেলগে তিনিগৰাকী কিশোৰী ভগ্নীয়ে জঁপিয়াই মৃত্যুক সাৱটি লোৱা কাৰ্যই বৰ্তমান সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে। এটা কোৰিয়ান অনলাইন গেমৰ প্ৰতি অতিমাত্ৰা আসক্তিৰ বাবে চৰম পথ বাছি লোৱাৰ পূৰ্বে কিশোৰী কেইগৰাকীয়ে তেওঁলোকৰ পিতৃৰ উদ্দেশ্যে এক শোকাৱহ স্বীকাৰোক্তিও এৰি থৈ যায়। প্ৰাপ্ত তথ্য অনুসৰি, ১২, ১৪ আৰু ১৬ বছৰীয়া তিনি ভগ্নীয়ে এটা টাস্ক-বেচড কোৰিয়ান গেমৰ নিচাত পৰি যোৱা দুবছৰ ধৰি বিদ্যালয়লৈ যোৱাও বন্ধ কৰি দিছিল। নিশা প্ৰায় ২:১৫ বজাত আটাইকেইগৰাকীয়ে বেলকনিৰ দুৱাৰখন বাহিৰৰ পৰা বন্ধ কৰি এজনীৰ পাছত আনজনীকৈ নৱম মহলাৰ পৰা তললৈ জাঁপ দিয়ে। কিশোৰী কেইগৰাকীৰ চিৎকাৰ আৰু মাটিত পৰি যোৱাৰ শব্দত পৰিয়ালৰ লোক আৰু নিৰাপত্তাৰক্ষী স্তম্ভিত হৈ পৰে যদিও চিকিৎসালয়লৈ নিয়াৰ পূৰ্বেই তিনিওৰে মৃত্যু ঘটে। আৰক্ষীয়ে উদ্ধাৰ কৰা আঠ পৃষ্ঠাৰ চুইচাইড নোটত তেওঁলোকে নিজৰ মোবাইল আসক্তি আৰু কোৰিয়ান সংস্কৃতিৰ প্ৰতি থকা তীব্ৰ আকৰ্ষণৰ কথা উল্লেখ কৰে। নোটখনত তেওঁলোকে লিখে— “এই ডায়েৰীখনত যি লিখা আছে সকলো পঢ়ক কাৰণ সেয়া সঁচা। মই সঁচাকৈয়ে দুঃখিত। চৰী পাপা।” কিশোৰী কেইগৰাকীৰ পিতৃ চেতন কুমাৰে জনোৱা মতে, শেহতীয়াকৈ তেওঁলোকক মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ নিদিয়াৰ বাবেই তেওঁলোকে এনেদৰে মানসিকভাৱে ভাগি পৰিছিল। গাজিয়াবাদ আৰক্ষীয়ে বৰ্তমান ঘটনাটোৰ তদন্ত অব্যাহত ৰাখে। আৰক্ষীৰ মতে, কোঠাৰ দেৱালত তেওঁলোকে “মই বহুত অকলশৰীয়া” বুলি লিখি থৈ যোৱা কথাই তেওঁলোকৰ একাকীত্ব আৰু গভীৰ মানসিক সংকটৰ দিশটোকে প্ৰমাণ কৰে। এই ঘটনাই এতিয়া সমগ্ৰ দেশতে অনলাইন গেমিঙৰ ভয়াৱহতাৰ বিৰুদ্ধে এক নতুন চৰ্চাৰ সৃষ্টি কৰে। Share this:FacebookX Related Post navigation ভয়ংকৰ ঘটনা মহানগৰীতঃ বক্স পালেঙৰ ভিতৰৰ পৰা উদ্ধাৰ নিখোঁজ কিশোৰী বিয়াৰ আনন্দৰ মাজতে গোৱালপাৰাত মৰ্মান্তিক দুৰ্ঘটনা; ট্ৰাকৰ খুন্দাত দৰাৰ ককায়েকসহ দুজনৰ মৃত্যু