আগন্তুক ২০২৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰি বছৰৰ প্ৰথমটো দিনতে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। ৰাজ্যৰ ১২৬ খন আসনৰ ভিতৰত ১০০ খন আসনত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে বাকী ২৬ খন আসন মিত্ৰ দলসমূহৰ বাবে এৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৃহস্পতিবাৰে নতুন দিল্লীত আয়োজিত এক সংবাদমেলত এই কথা সদৰী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। নিৰ্বাচনী প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি তুলিবলৈ দলে প্ৰাৰ্থিত্বৰ আবেদন প্ৰক্ৰিয়াও মুকলি কৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে ১ জানুৱাৰীৰ পৰা ৫ জানুৱাৰীৰ ভিতৰত দলৰ ৱেবছাইটৰ পৰা আবেদন পত্ৰ ডাউনলোড কৰিব পাৰিব আৰু ৫ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈ গুৱাহাটীৰ ৰাজীৱ ভৱনত এই আবেদন জমা দিব লাগিব। উল্লেখযোগ্য যে, প্ৰতিখন আবেদনৰ বাবে ৫০,০০০ টকাকৈ মাচুল নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে যিবোৰ সমষ্টি মিত্ৰ দলক এৰি দিয়া হ’ব, সেই সমষ্টিৰ আবেদনকাৰীসকলক মাচুলৰ ধন ঘূৰাই দিয়া হ’ব বুলি সভাপতিগৰাকীয়ে স্পষ্ট কৰি দিয়ে। ইফালে, বিজেপি বিৰোধী মিত্ৰজোঁটৰ আসন ভাগ-বাটোৱাৰাক লৈও স্থিতি স্পষ্ট কৰিছে কংগ্ৰেছে। গৌৰৱ গগৈয়ে জনোৱা মতে, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, চিপিএম আৰু চিপিআইৰ দৰে দলসমূহৰ সৈতে কংগ্ৰেছৰ সৌহাৰ্দ্যপূৰ্ণ আলোচনা অব্যাহত আছে। কোন দলে ক’ত প্ৰতিদ্বন্দ্বিতা কৰিব, সেয়া সামূহিক আলোচনাৰ পাছতহে চূড়ান্ত কৰা হ’ব। আনহাতে, বৰ্তমানৰ চৰকাৰৰ স্বাস্থ্য আৰু শিক্ষা খণ্ডৰ ব্যৰ্থতাৰ অভিযোগ তুলি কংগ্ৰেছে এখন ‘বৰ অসম’ গঢ়াৰ লক্ষ্যৰে ৫ টা বিশেষ সংকল্প গ্ৰহণ কৰিছে। নতুন বছৰৰ আৰম্ভণিতে কংগ্ৰেছে গ্ৰহণ কৰা এই সক্ৰিয় স্থিতিয়ে ৰাজ্যৰ নিৰ্বাচনী বতাহ গৰম কৰি তুলিছে। বিশেষকৈ শিক্ষা আৰু স্বাস্থ্য খণ্ডক দেশৰ ভিতৰতে শীৰ্ষ পাঁচটা স্থানলৈ উন্নীত কৰাৰ প্ৰতিশ্ৰুতিৰে কংগ্ৰেছে ভোটাৰৰ মন জয় কৰিবলৈ চেষ্টা চলাইছে। মিত্ৰজোঁটৰ এই আসন ভাগ-বাটোৱাৰাই আগন্তুক দিনত নিৰ্বাচনৰ ফলাফলত কেনে প্ৰভাৱ পেলায়, সেয়া হ’ব লক্ষ্যণীয়। Share this:FacebookX Related Post navigation বাংলাদেশত পুনৰ হিন্দু ব্যৱসায়ীক জ্বলাই হত্যাৰ চেষ্টা! ভয়ংকৰ আক্ৰমণৰ বলি খোকন দাস সংস্কাৰঃ পিতৃৰ আশীৰ্ব্বাদ লৈ হাৰিয়ানাৰ নতুন ডিজিপি হিচাপে দায়িত্ব ল’লে অজয় সিংঘলে