অসমৰ সাম্প্ৰদায়িক সমন্বয়ৰ ঐতিহ্য আৰু ঐতিহাসিক চৰিত্ৰসমূহক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশিষ্ট বুদ্ধিজীৱী তথা সাহিত্যিক ড° হীৰেন গোহাঁইয়ে। গুৱাহাটীত সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত ড° গোহাঁইয়ে মুখ্যমন্ত্ৰীৰ শেহতীয়া স্থিতিক সমালোচনা কৰি ইয়াক অসমৰ সমন্বয়ৰ সংস্কৃতিক নস্যাৎ কৰাৰ এক প্ৰয়াস বুলি অভিহিত কৰে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ মন্তব্য কৰিছিল যে অসম কেৱল শংকৰ-মাধৱৰ দেশ আৰু ইয়াত ‘শংকৰ-আজান’ শব্দটোৰ কোনো স্থান নাই। ইয়াৰ উপৰি তেওঁ শৰাইঘাটৰ যুদ্ধৰ বীৰ সৈনিক বাঘ হাজৰিকাক এক ‘কাল্পনিক চৰিত্ৰ’ বুলিও দাবী কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত ড° হীৰেন গোহাঁইয়ে কয় যে আজান ফকিৰ এজন ঐতিহাসিক ব্যক্তি আছিল আৰু তেওঁৰ জিকিৰসমূহ অসমীয়া সংগীত তথা আধ্যাত্মিক জগতৰ এক অভিন্ন অংগ। জিকিৰৰ মাজত শংকৰ-মাধৱৰ দৰ্শন আৰু শব্দৰ প্ৰৱাহ থকা বুলি তেওঁ উল্লেখ কৰে।

বাঘ হাজৰিকাৰ অস্তিত্ব সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ দাবীক নস্যাৎ কৰি ড° গোহাঁইয়ে কয় যে ইতিহাসৰ সকলো কথা বুৰঞ্জীত লিপিবদ্ধ নাথাকিলেও চৰিত্ৰসমূহ কাল্পনিক হৈ নপৰে। বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকিৰ বংশ-পৰিয়াল আজিও শিৱসাগৰত জীয়াই আছে বুলি তেওঁ সোঁৱৰাই দিয়ে। তেওঁৰ মতে, বাঘ হাজৰিকাক অস্বীকাৰ কৰাটো অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ক মচি পেলোৱাৰ দৰে কথা।

বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে অভিযোগ কৰে যে মুখ্যমন্ত্ৰীয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে ৰাজ্যখনত কঠোৰ হিন্দুত্বৰ ধাৰণা জাপি দিব বিচাৰিছে আৰু তাৰ বাবে সমন্বয়ৰ পুৰণি শ্লোগানসমূহক বিৰোধিতা কৰিছে। তেওঁ কয় যে ‘শংকৰ-আজান’ৰ দেশ বুলি ক’লে অসমৰ সাম্প্ৰদায়িক সম্প্ৰীতিৰ পৰিচয়হে স্পষ্ট হয়। ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰীয়ে ড° গোহাঁইক লক্ষ্য কৰি বিভিন্ন কটাক্ষমূলক মন্তব্য কৰি আহিছে, যাৰ ফলত ৰাজ্যৰ বৌদ্ধিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *