ৰাজনীতিৰ যুঁজ আৰম্ভ হোৱাৰ পূৰ্বেই বিৰোধীক লৈ সৰৱ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ১৮ ডিচেম্বৰত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে কংগ্ৰেছে এতিয়া আগন্তুক ২০২৬ চনৰ নিৰ্বাচনৰ কথা চিন্তা কৰা নাই, বৰঞ্চ তেওঁলোকে ২০৩১ চনৰ পৰিকল্পনাহে কৰিছে। ২০২৬ ৰ নিৰ্বাচনৰ যুঁজখন কংগ্ৰেছে ইতিমধ্যে বিজেপিক উপহাৰ দিছে বুলি তেওঁ তীব্ৰ কটাক্ষ কৰে।

মুখ্যমন্ত্ৰীৰ মতে, কংগ্ৰেছৰ এক স্থিৰ ভোট বেংক আছে যিটো কোনো কাৰণতে সলনি নহয়। তেওঁ ব্যংগ কৰি কয় যে কংগ্ৰেছে যদি তামিলনাডুৰ পৰাও প্ৰাৰ্থী ধাৰে আনি থিয় কৰায়, তথাপিও সেই নিৰ্দিষ্ট ভোটখিনি তেওঁলোকে পাবই। কিন্তু কেৱল সেইখিনি ভোটেৰে নিৰ্বাচন জয় কৰাটো এক সপোন হৈয়েই ৰ’ব। বিৰোধী দলটোৰ মাজত নিৰ্বাচনী তৎপৰতাৰ অভাৱ থকা বুলি তেওঁ আঙুলিয়াই দিয়ে।

আনহাতে, ৰাইজৰ দলৰ বিধায়ক অখিল গগৈকো লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰীয়ে। গগৈক এজন ‘ডিজিটেল জগতৰ মনোৰঞ্জনকাৰী’ বুলি অভিহিত কৰি তেওঁ কয় যে অখিল গগৈৰ ফেচবুক লাইভ চালেহে তেওঁৰ ৰাতি শান্তিপূৰ্ণ টোপনি আহে। অসমৰ মানুহৰ বাবে অখিল গগৈৰ এই লাইভসমূহ একপ্ৰকাৰৰ মানসিক চাপ নিৰাময়ৰ মাধ্যমহে হৈ পৰিছে বুলি তেওঁ ইতিকিং কৰে।

চৰকাৰৰ তৃণমূল পৰ্যায়ৰ কাম-কাজৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে উন্নয়নৰ জোৱাৰে বিৰোধীৰ সকলো কৌশল মষিমূৰ কৰিব। চৰকাৰৰ সফলতাই বিজেপিক পুনৰ শাসনলৈ আনিব বুলি তেওঁ আত্মবিশ্বাস প্ৰকাশ কৰে। বিৰোধীৰ কোনো প্ৰত্যাহ্বানেই বৰ্তমান বিজেপিক চিন্তিত কৰিব পৰা নাই বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *