“ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ, ২০২৬” উপলক্ষে কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত হ’ল “পথ-সুৰক্ষা” বিষয়ক গুৰুত্বপূৰ্ণ অনুষ্ঠান। পথ-সুৰক্ষাৰ আহ্বানত ভয়ংকৰ পথ-দুৰ্ঘটনা ৰোধ আৰু দুৰ্ঘটনাত নিহত-আহতৰ সংখ্যা হ্ৰাস কৰাৰ আহ্বানেৰে মহানগৰীৰ শ্ৰদ্ধাঞ্জলি কাননত বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে হাতে হাতে কাগজ, কলম লৈ আওৰালে পথ সুৰক্ষাৰ বিভিন্ন শ্ল’গান। শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ৰং তুলিকা লৈ দুৰ্ঘটনামুক্ত অসমৰ আহ্বানত অংকন কৰিলে বহু ব্যতিক্ৰমী ছবি ৷ অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীৰ মাজত উপস্থিত হৈ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে শিশু-কিশোৰ, যুৱপ্ৰজন্মৰ প্ৰতিযোগীৰ ৰং-তুলিকাত মূৰ্তমান হৈ উঠা পথ সুৰক্ষা বিষয়ক ছবিবোৰ এখন এখনকৈ প্ৰত্যক্ষ কৰি প্ৰতিযোগীসকলক উৎসাহিত কৰাৰ লগতে জীৱনৰ কোমল বয়সৰ পৰাই পথ সুৰক্ষা বিষয়টো মন-মগজুত স্থাপন কৰি পথত চলাচল কৰোতে নিজে সুৰক্ষিত হৈ থকাৰ লগতে আনকো সুৰক্ষা প্ৰদান কৰিবলৈ আহ্বান জনায় ৷ অনুষ্ঠানটোৰ আৰম্ভণিতে অনুষ্ঠিত সভাত তেওঁ ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ লক্ষ্য-উদ্দেশ্য ব্যাখ্যা কৰি কয় যে ভাৰতত সম্প্ৰতি পথ-সুৰক্ষা এটা অতি উদ্বেগৰ বিষয় হৈ পৰিছে। কিয়নো পথ যোগাযোগৰ দ্ৰুত সম্প্ৰসাৰণ, যান-বাহনৰ সংখ্যা বৃদ্ধি আৰু পথত বাহনৰ অনিয়ন্ত্ৰিত গতিবেগৰ ফলত পথ-দুৰ্ঘটনা আৰু মৃত্যুৰ সংখ্যা অস্বাভাৱিকধৰণে বৃদ্ধি পাবলৈ ধৰিছে। সেয়ে তেওঁ ছাত্ৰ-ছাত্ৰী, শিক্ষক-অভিভাৱকে একেলগে পথ সুৰক্ষাৰ বাবে জনোৱা আহ্বানে সমাজলৈ এক শুভবাৰ্ত প্ৰেৰণ কৰিব বুলি কয়। পথ-দুৰ্ঘটনাই নিহতৰ পৰিয়াললৈ দুখৰ অমানিশা কঢ়িয়াই অনাৰ লগতে একে সময়তে পথ-দুৰ্ঘটনাত মানৱ সম্পদৰ মৃত্যুৱে দেশৰ অৰ্থনৈতিক বিকাশতো নেতিবাচক প্ৰভাৱ পেলায় বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ সেয়ে ছাত্ৰাৱস্থাৰ পৰাই যুৱপ্ৰজন্মৰ মাজত পথ সুৰক্ষাৰ সজাগতাক অভ্যাসত পৰিণত কৰি আগন্তুক দিনত অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ পণ ল’বলৈ সকলোৰে প্ৰতি আহ্বান জনায়। আজিৰ পথ সুৰক্ষা বিষয়ক চিত্ৰাংকন প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকি পথেৰে চলাচল কৰোঁতে সকলো সময়তে সুৰক্ষাৰ প্ৰতি মন দিবলৈ আহ্বান জনায় বিশিষ্ট চিত্ৰশিল্পী অতুল চন্দ্ৰ বৰুৱা আৰু মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যই। শ্ল’গান প্ৰতিযোগিতাখনি পৰিচালনা কৰি বিশিষ্ট অভিনেতা, আবৃত্তিকাৰ বিপুল কুমাৰ বৰাই শ্ল’গানসমূহ পাঠ কৰাৰ ইয়াৰ গুৰুত্ব সকলো সময়তে মানি চলিবলৈ আহ্বান জনায়। জিলা পথ সুৰক্ষা সমিতিৰ নিৰ্দেশানুক্ৰমে প্ৰতিযোগিতাসমূহ পৰিচালনাৰ ক্ষেত্ৰত সহযোগ কৰে শিশু-কিশোৰৰ সৰ্বাঙ্গীণ উৎকৰ্ষৰ মঞ্চ “ৰূপান্তৰ“এ ৷ অনুষ্ঠানত অন্তত চিত্ৰাংকন প্ৰতিযোগিতাৰ দুটা শাখাৰ প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত ছগৰাকী প্ৰতিযোগীক ক্ৰমে ৫০০০,৩০০০ আৰু ২০০০ টকাকৈ নগদ ধন আৰু মানপত্ৰৰে পুৰস্কৃত কৰাৰ উপৰি অনান্য বাৰগৰাকীক উদগনিমূলক বঁটা প্ৰদান কৰা হয় ৷ একেদৰে শ্ল’গান প্ৰতিযোগিতাৰ ক্ৰমান্বয়ে প্ৰথম দহগৰাকী প্ৰতিযোগীক মূল্যবান গ্ৰন্থৰে পুৰস্কৃত কৰা হয়। Share this:FacebookX Related Post navigation অষ্ট্ৰেলিয়ান অ’পেনৰ ছেমিফাইনেলত আৰিনা ছাবালেংকা বৰপেটাত যাত্ৰীবাহী নাও ডুবি সন্ধানহীন ৭ যাত্ৰীঃ ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ জলপৰিবহণৰ সুৰক্ষাক লৈ হাহাকাৰ