আমেৰিকা আৰু ইৰানৰ মাজত চলি থকা সংঘাতৰ পাৰা এতিয়া ইমানেই বৃদ্ধি পাইছে যে বিশ্ববাসীয়ে এক ভয়াৱহ পৰিণতিৰ আশংকাত দিন অতিবাহিত কৰিছে। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে অব্যাহত থকা নিৰন্তৰ সংঘাতৰ মাজতে এইবাৰ তেওঁক পোনপটীয়াকৈ হত্যাৰ ভাবুকি দিয়ে ইৰানৰ এক চৰকাৰী সংবাদ মাধ্যমে। ২০২৪ চনত পেনচিলভেনিয়াৰ বাটলাৰত নিৰ্বাচনী জনসভা চলি থকাৰ সময়ত এজন বন্দুকধাৰীয়ে ট্ৰাম্পৰ ওপৰত চলোৱা আক্ৰমণৰ সেই ৰক্তাক্ত ছবিখন সম্প্ৰচাৰ কৰি ইৰানৰ সংবাদ মাধ্যমটোৱে লিখিছে— “এইবাৰ গুলি লক্ষ্যভ্ৰষ্ট নহ’ব।” ইজৰাইলী-আমেৰিকান সাংবাদিক এমিলি শ্ৰাডৰে ছ’চিয়েল মিডিয়াত এই বিতৰ্কিত ছবিখন শ্বেয়াৰ কৰাৰ পাছতে এতিয়া সমগ্ৰ বিশ্বতে সৃষ্টি হয় এক তীব্ৰ চাঞ্চল্যৰ। ইৰানত চলি থকা চৰকাৰ বিৰোধী আন্দোলনক সমৰ্থন জনাই ৰাষ্ট্ৰপতি ট্ৰাম্পে দেশখনত সামৰিক অভিযানৰ হুংকাৰ দিয়াৰ পাছতে তেহৰানে গ্ৰহণ কৰিছে এই আক্ৰমণাত্মক স্থিতি। সংবাদ মাধ্যমটোৱে পাৰ্চী ভাষাত দিয়া এই বার্তাত ট্ৰাম্পক উদ্দেশ্যি কোৱা হৈছে যে পূৰ্বৰ দৰে এইবাৰ তেওঁৰ কান চুই গুলি ওলাই নাযায়, বৰঞ্চ লক্ষ্যস্থানতহে আঘাত কৰিব। কূটনৈতিক মহলৰ মতে, চৰকাৰী সংবাদ মাধ্যমৰ জৰিয়তে এনে বাৰ্তা দি আচলতে তেহৰানে ট্ৰাম্পক প্ৰদান কৰিছে এক ভয়ংকৰ সকীয়ানি। উল্লেখ্য যে, ইৰানত বৰ্তমান কট্টৰপন্থী ধৰ্মীয় শাসন আৰু আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাধাৰণ জনতাই আৰম্ভ কৰিছে এক সৰ্বাত্মক বিদ্ৰোহ। এই বিদ্ৰোহ দমন কৰিবলৈ নিৰাপত্তা বাহিনীয়ে চলোৱা অত্যাচাৰক ৰাষ্ট্ৰপতি ট্ৰাম্পে তীব্ৰ সমালোচনা কৰাৰ লগতে ইৰানৰ ওপৰত অধিক হেঁচা প্ৰয়োগ কৰিছে। এই পৰিস্থিতিত ট্ৰাম্পক হত্যাৰ কৌশল ৰচনা কৰা হৈছে নেকি বুলিও এতিয়া প্ৰশ্ন উত্থাপন হৈছে। অৱশ্যে এই স্পৰ্শকাতৰ বিষয়টোক লৈ এতিয়ালৈকে ৱাশ্বিংটন বা তেহৰানে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। Share this:FacebookX Related Post navigation ভাৰতৰ সৈতে উত্তেজনাৰ মাজতে তুৰস্কৰ সৈতে বৃহৎ প্ৰতিৰক্ষা চুক্তি বাংলাদেশৰ! ক্ৰয় কৰিব ৮খনকৈ আক্ৰমণকাৰী হেলিকপ্টাৰ তেলেংগনাত চিলিণ্ডাৰ বিস্ফোৰণৰ ভয়াৱহ অগ্নিকাণ্ড! জীৱন্তে দগ্ধ হৈ ৩টি শিশুসহ ৬ জনৰ কৰুণ মৃত্যু