২০২৮ চনৰ ভিতৰত অসমক ১০ লাখ কোটিটকীয়া অৰ্থনীতিলৈ ৰূপান্তৰ কৰাৰ এক অভিলাষী লক্ষ্যৰে সোমবাৰে দাখিল কৰা হয় ২০২৬-২৭ বৰ্ষৰ ৰাজ্যিক বাজেট। অৰ্থনৈতিক বিকাশ, সমাজ কল্যাণ, আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু যুৱ সবলীকৰণক মূল স্তম্ভ হিচাপে লৈ বিত্ত মন্ত্ৰী অজন্তা নেওগে এই বাজেট বিধানসভাত উপস্থাপন কৰে। ৰাজ্যখনৰ বিত্তীয় স্থিতি ক্ৰমান্বয়ে শক্তিশালী হোৱাৰ কথা উল্লেখ কৰি বাজেটে দেখুৱাইছে যে ১৬ সংখ্যক বিত্তীয় আয়োগৰ অধীনত অসমৰ অংশ ৩.২৫৮ শতাংশলৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন ২০২৫-২৬ বৰ্ষত ৭.৪৫ লাখ কোটি টকাত উপনীত হ’ব বুলি ধাৰণা কৰা হৈছে। যোৱা পাঁচ বছৰত ৰাজ্যৰ নিজা কৰ ৰাজহ ৭৫ শতাংশ বৃদ্ধি পোৱাৰ লগতে মূলধনী ব্যয় আঠ গুণ বৃদ্ধি হৈ ২৬,৪০৯ কোটি টকা হৈছে। সমাজ কল্যাণৰ ক্ষেত্ৰত চৰকাৰে কেইবাখনো ধ্বজাবাহী আঁচনিৰ পৰিসৰ বৃদ্ধি কৰিছে। অৰুণোদয় আঁচনিয়ে এতিয়া ৪০ লাখ পৰিয়ালক সামৰি লৈ দুখীয়া পৰিয়ালসমূহক পোনপটীয়া বিত্তীয় সাহায্য প্ৰদান কৰিব। একেদৰে ‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি’ৰ জৰিয়তে ৰাজ্যত ‘লাখপতি বাইদেউ’ সৃষ্টিৰ প্ৰয়াস অব্যাহত ৰখা হৈছে। শিক্ষা আৰু স্বাস্থ্য খণ্ডত অসমে এক উল্লেখনীয় সফলতা অৰ্জন কৰিছে। ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৭ খনৰ পৰা ১৪ খনলৈ বৃদ্ধি পাইছে, যাৰ ফলত স্বাস্থ্যসেৱা সহজলভ্য হৈ পৰিছে। আয়ুষ্মান অসম আঁচনিৰ দ্বাৰা ৭.১৭ লাখ লোক উপকৃত হোৱাৰ বিপৰীতে চাহ বাগান অঞ্চলত আদৰ্শ বিদ্যালয় আৰু নতুন বিশ্ববিদ্যালয় স্থাপনৰ জৰিয়তে শৈক্ষিক আন্তঃগাঁথনি উন্নত কৰাৰ লক্ষ্য লৈছে চৰকাৰে। ইয়াৰ উপৰি চৰকাৰী চাকৰিৰ ক্ষেত্ৰত ১.৫৮ লাখ পদ ইতিমধ্যে পূৰণ কৰা হৈছে আৰু ‘নিযুত মইনা’, ‘নিযুত বাবু’ৰ দৰে আঁচনিৰ জৰিয়তে যুৱ প্ৰজন্মক সহায় কৰাৰ পৰিকল্পনা কৰা হৈছে। আন্তঃগাঁথনিৰ দিশত বাজেটে ২১,৭০০ কিলোমিটাৰ পথ আৰু ১,৩৩৯ খন দলং নিৰ্মাণৰ খতিয়ান দাঙি ধৰিছে। গহপুৰ-নুমলীগড়ৰ পানীৰ তলৰ সুৰংগ আৰু জাগীৰোডত টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পই ৰাজ্যৰ উদ্যোগিক খণ্ডত বিপ্লৱ আনিব বুলি আশা কৰা হৈছে। ‘এডভাণ্টেজ আছাম’ৰ জৰিয়তে ৫.১৮ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰা বুলি বিত্ত মন্ত্ৰীয়ে সদৰী কৰে। অনাগত সময়ত ৫ লাখ যুৱক-যুৱতীক স্বাৱলম্বী কৰা আৰু চাহ শ্ৰমিকক ভূমিৰ স্থায়ী অধিকাৰ প্ৰদান কৰাটো এই বাজেটৰ অন্যতম মূল লক্ষ্য। Share this:FacebookX Related Post navigation বিজেপিত যোগদান কৰিব ভূপেন বৰাই! দেবব্ৰত শইকীয়াৰ বিস্ফোৰক মন্তব্যই জোকাৰিছে ৰাজ্যৰ ৰাজনীতি কংগ্ৰেছৰ চৰিত্ৰ সলনি হ’লেহে পদত্যাগ উঠাই লোৱাৰ কথা চিন্তা কৰিমঃ ভূপেন বৰা