অসমৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশত এতিয়া খিলঞ্জীয়াৰ পৰিচয় আৰু সাংবিধানিক অধিকাৰক লৈ এক গভীৰ বিতৰ্কৰ সূচনা হোৱা পৰিলক্ষিত হৈছে। এফালে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দীৰ্ঘদিনীয়া প্ৰক্ৰিয়া আৰু আনফালে কাৰ্বি আংলঙত খিলঞ্জীয়া বিৰোধী শ্লোগানে উদ্বিগ্ন কৰি তুলিছে ৰাজ্যৰ সচেতন মহলক। বিশেষকৈ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত একাংশ লোকে ‘কাৰ্বি গ’ বেক’ আৰু ‘কাৰ্বি চাইনীজ গ’ বেক’ বুলি দিয়া ধ্বনিক কেন্দ্র কৰি এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই এই সমগ্ৰ ঘটনাক খিলঞ্জীয়াক ৰাজনৈতিকভাৱে নিঃশেষ কৰিবলৈ বিজেপিয়ে চলোৱা এক গভীৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰে। তেওঁৰ মতে, কাৰ্বিসকলক নিজৰ স্বভূমিত ‘চাইনীজ’ বুলি উপহাস কৰাটো কেৱল অসহনীয়ই নহয়, ই বিজেপিৰ পৃষ্ঠপোষকতাত চলা সাংস্কৃতিক আগ্ৰাসনৰ এক পৰিণতি। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এলেকাত কৰ্পৰেট কোম্পানীক মাটি আৱণ্টন দিয়া আৰু খিলঞ্জীয়াৰ জনসংখ্যা হ্ৰাস পোৱা বিষয়টোক লৈও তেওঁ চৰকাৰক লক্ষ্য কৰি লয়। ইপিনে, ৰাজ্য চৰকাৰে চুতীয়া, কোচ-ৰাজবংশী, মটক, মৰাণ, টাই আহোম আৰু চাহ জনজাতিক অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়াৰ বাবে এখন মন্ত্ৰীগোটৰ প্ৰতিবেদন অনুমোদন জনায়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ’ব বুলি ঘোষণা কৰিলেও জগদীশ ভূঞাই ইয়াক এক নিৰ্বাচনী প্ৰতাৰণা বুলিহে দাবী কৰে। তেওঁৰ মতে, কেন্দ্ৰীয় মন্ত্ৰীৰ তথ্য অনুসৰি এতিয়ালৈকে চৰকাৰে কেন্দ্ৰলৈ কোনো আনুষ্ঠানিক প্ৰস্তাৱ প্ৰেৰণ নকৰা বিষয়টো এই জনগোষ্ঠীসমূহৰ বাবে স্বাভাৱিকতেই দুৰ্ভাগ্যজনক। বিজেপি চৰকাৰে যোৱা দহ বছৰত অসমবাসীক কেৱল মিছা প্ৰতিশ্ৰুতিৰে প্ৰতাৰণা কৰা বুলি অভিযোগ কৰে অসম জাতীয় পৰিষদে। দলটোৱে কাৰ্বিৰ বিৰুদ্ধে শ্লোগান দিয়া লোকসকলক অনুসূচিত জাতি-জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি বিচাৰ চলাবলৈ দাবী জনায়। বৰ্তমানৰ এই পৰিস্থিতিয়ে অসমৰ খিলঞ্জীয়া লোকসকলৰ মাজত নিজৰ অস্তিত্ব আৰু স্বকীয়তা ৰক্ষাৰ বাবে এক নতুন প্ৰত্যাহ্বান কঢ়িয়াই অনা দেখিবলৈ পোৱা গৈছে। Share this:FacebookX Related Post navigation উত্তৰ-পূৰ্বাঞ্চলৰ ডিজিটেল সংযোগত বাধা! ভাৰতৰ ইণ্টাৰনেট ট্ৰেনজিট প্ৰস্তাৱ নাকচ বাংলাদেশৰ ৭ কোটি টকাৰ ডিজিটেল এৰেষ্ট কাণ্ডৰ আঁৰৰ ৰহস্য ফাদিল! ইডিৰ জালত ৰঙিয়াৰ ৰুমী