বনকোঁৱৰ আনন্দিৰাম দাস স্মৃতিৰক্ষা সমিতিৰ এখনি কাৰ্যকৰী সভা  ডাউন টাউনৰ সমীপৰ মথুৰা নগৰস্থিত নান্দনিক সভাগৃহত সমিতিৰ সভাপতি কিশোৰী মোহন পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হয় ।সভাৰ সম্পাদক নীলিমা দাসে সভাৰ উদ্দেশ্য ব্যাখ্যাত বনকোঁৱৰ আনন্দিৰাম দাসৰ বহুমুখী প্ৰতিভা জগত সভাত প্ৰতিষ্ঠা কৰাৰ ওপৰত বৌদ্ধিক, সাংস্কৃতিক সমাজৰ উপস্থিতি পোষকতা কৰে।

সভাত আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক অৱনী ৰঞ্জন পাঠক, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, যুৱতীৰ্থৰ সম্পাদক নিৰোৎপল গোস্বামী, বিশিষ্ট শিল্পী কৃপাময় কৃষ্ণ দাস, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা সাংবাদিক দীপক শৰ্মা, কাবেৰী দাস, মাধৱী নাথ তালুকদাৰ, কোকিল প্ৰতীম শইকীয়া, নিমিষা পাঠক, ললিতা লহকৰ, ৰঞ্জন দাসে বক্তব্য দাঙি ধৰি আজি পৰ্যন্ত আনন্দিৰাম দাসৰ বিশাল সাংস্কৃতিক প্ৰতিভা প্ৰচাৰ আৰু প্ৰসাৰ নোহোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰে।

সভাই সৰ্বসন্মতিক্ৰমে প্ৰতিবছৰে সমিতিৰ উদ্যোগত বনকোঁৱৰ আনন্দিৰাম দাসৰ সোঁৱৰণত এটি বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে।অহা ৪ আগষ্টত আনন্দিৰাম দাসৰ পবিত্ৰ মৃত্যু দিৱসত প্ৰথম বাৰৰ বাবে প্ৰসিদ্ধ শিল্পী তথা শিক্ষাবিদ ড০ অমিয় মোহন দাসক প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *