পৰেশ বৈশ্য ফাউণ্ডেচনে ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ সাংবাদিক বঁটাৰ বাবে অসমৰ আগশাৰীৰ অসমীয়া দৈনিক ‘ দৈনিক অসম ‘ কাকতৰ বৰপেটা জিলাৰ সংবাদদাতা নৱজিৎ দাসক নিৰ্বাচিত কৰিছে।

ইপিনে পৰেশ বৈশ্য ফাউণ্ডেচনে ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ শিক্ষক বঁটাৰ বাবে বৰপেটা জিলাৰ শিক্ষক তথা খণ্ড সমল ব্যক্তি প্ৰসেনজিৎ শৰ্মা আৰু শ্ৰেষ্ঠ বিদ্যালয় বঁটাৰ বাবে কামৰূপৰ ১৫ নং বেজেৰা প্ৰাথমিক বিদ্যালয়ক নিৰ্বাচিত কৰিছে। অহা ১৫ ছেপ্টেম্বৰত ফাউণ্ডেচনৰ শিক্ষা সাংবাদিকতাৰ দিনত এই বঁটা প্ৰদান কৰা হ’ব বুলি পৰেশ বৈশ্য ফাউণ্ডেচনৰ পৰিচালন ন্যাসৰক্ষী পৰেশ বৈশ্যই জনাইছে।

উল্লেখযোগ্য যে এই ন্যাসে ২০০৮ চনৰ পৰাই শিক্ষা আৰু সাংবাদিকতাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বিশিষ্ট বৰঙণিৰ বাবে এই বঁটাসমূহ প্ৰদান কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *