স্বনামধন্য অপেছাদাৰী নাট্য সংগঠন “মুখা”ই ইতিপূৰ্বে অবিৰতভাৱে প্ৰদৰ্শন কৰি অহাৰ দৰে এইবেলিও অহা ১৬,১৭ আৰু ১৮ আগষ্টত তিনিটা দিনৰ বাবে নৱম বাৰ্ষিক বিষ্ণু-জ্যোতি ৰাষ্ট্ৰীয় নাট সমাৰোহ, ২০২৪ অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে । ৰাষ্ট্ৰীয় নাট বিদ্যালয়, চিকিমৰ সহযোগত অনুষ্ঠিতব্য এই নাট সমাৰোহৰ বাবে “মুখা” বৰপেটাই ব্যাপক প্ৰস্তুতি চলাইছে । নাট্য প্ৰেমী সকলৰ বাবে এই নাট সমাৰোহ হ’ব সম্পূৰ্ণ বিনামূলীয়া । “মুখা”ই জনোৱা মতে তিনি দিনৰ নাট্য কাৰ্যসূচীত প্ৰথম দিনাখন অৰ্থাৎ অহা ১৬ আগষ্টৰ সন্ধিয়া ৬-৪৫ বজাত ‘সূৰুযমুখী এণ্ড হেমলেট’ নাটকেৰে নৱম বাৰ্ষিক বিষ্ণু-জ্যোতি ৰাষ্ট্ৰীয় নাট সমাৰোহ শুভাৰম্ভ কৰা হ’ব। আনহাতে ১৭ আগষ্টত দ্বিতীয় নিশা মঞ্চস্থ কৰা হ’ব ‘চফেদ লকীৰ’ আৰু ১৮ আগষ্টত তৃতীয় নিশা অৰ্থাৎ অন্তিম নাট সমাৰোহৰ নাট প্ৰদৰ্শন কৰা হ’ব ‘শংকৰ’ নাট ।”মুখা’ৰ এই নাট্য সমাৰোহ অনুষ্ঠিত হ’ব বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত । নাট্য প্ৰেমীসকলে উক্ত তিনিও দিনত নাট উপভোগ কৰি গঠন মুলক সমালোচনা তথা দিহা পৰামৰ্শ দি উৎসাহিত কৰিব বুলি আয়োজক সকলে আশা কৰিছে । Share this:FacebookX Related Post navigation বিশ্ব ঐতিহ্যত অন্তর্ভুক্তিৰে প্রতিজ্ঞা পূৰণ:: ৬ বছৰৰ মুৰত কাটিলে চুলি সাংবাদিক নৱজিৎ দাস আৰু হাজোৰ প্ৰসেনজিৎ শৰ্মালৈ বঁটা