মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ মণিকাঞ্চন ক্ষেত্ৰত কাইলৈৰ পৰা আৰম্ভ হ’ব একাদশ সংখ্যক অসম ভাওনা সমাৰোহ। ১৮ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই বিশাল আধ্যাত্মিক অনুষ্ঠানৰ যাৱতীয় প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ তথা সমাৰোহৰ সভাপতি ডঃ পীতাম্বৰদেৱ গোস্বামীয়ে জনোৱা মতে, এইবাৰৰ সমাৰোহত ৫০০গৰাকী সূত্ৰধাৰৰ নৃত্যৰে এক অভূতপূৰ্ব পৰিৱেশৰ মাজত উদ্বোধনী অনুষ্ঠান সম্পন্ন হ’ব। বিশেষভাৱে উল্লেখনীয় যে এইবাৰৰ সমাৰোহখনি অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত উৎসৰ্গা কৰা হৈছে। শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই সমাৰোহস্থলীত ‘জুবিন গাৰ্গ স্মৃতি প্ৰদৰ্শনী ক্ষেত্ৰ’ নিৰ্মাণ কৰা হৈছে। সমাৰোহৰ লগত সংগতি ৰাখি ৩২খন ব্ৰজাৱলী ভাষাৰ নাটৰ এটি বিশেষ সংকলনো প্ৰকাশ কৰাৰ দিহা কৰা হৈছে। সত্ৰাধিকাৰগৰাকীৰ মতে, ভাওনাৰ মাধ্যমেৰে সমাজত আধ্যাত্মিক জাগৰণ আনিব পাৰিলে বিচ্ছিন্নতাবাদ আৰু অসামাজিক কাৰ্যকলাপ বহুগুণে হ্ৰাস পাব। কাৰ্যসূচী অনুসৰি, কাইলৈ পুৱা ধৰ্মধ্বজা উত্তোলন আৰু মণিকূটৰ দ্বাৰ মুকলিৰ পাছতে জুবিন গাৰ্গ সোঁৱৰণী প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰা হ’ব। বিয়লি ২ বজাত ৫০০ সূত্ৰধাৰৰ সূত্ৰনৃত্য প্ৰদৰ্শনৰ পাছতে গুৰুজনাৰ ‘ৰাম বিজয়’ ভাওনাৰে নাট্যাভিনয়ৰ শুভাৰম্ভ কৰা হ’ব। প্ৰতিযোগিতাৰ প্ৰথমটো নিশা যোৰহাটৰ জগন্নাথ শিল্পী সমাজ আৰু কাকডোঙাৰ এনাই আধ্যাত্মিক কলা কেন্দ্ৰই দুখনকৈ ভাওনা প্ৰদৰ্শন কৰিব। সমাৰোহৰ অন্তিম দিনা বোকাবিল শিল্পী সমাজে মিছিং ভাষাত ‘সীতা হৰণ বালি বধ’ ভাওনা প্ৰদৰ্শন কৰিব। প্ৰতিদিনে দুখনকৈ প্ৰতিযোগিতাৰ ভাওনা অনুষ্ঠিত হ’বলগীয়া এই সমাৰোহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দলসমূহে অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক এই সমাৰোহলৈ আমন্ত্ৰণ জনোৱা হৈছে। মাজুলীবাসীৰ লগতে সমগ্ৰ অসমৰ ভক্তিপ্ৰাণ ৰাইজক এই বিশাল অনুষ্ঠানত উপস্থিত থাকিবলৈ সমাৰোহ সমিতিয়ে আন্তৰিক আহ্বান জনাইছে। Share this:FacebookX Related Post navigation লালকিল্লা বিস্ফোৰণৰ অভিযুক্তক নিযুক্তি আল ফালাহ বিশ্ববিদ্যালয়ৰঃ পোহৰলৈ জেহাদী চিকিৎসকৰ তথ্য বাগুৰুম্বা দ’হৌৰ বিশাল আয়োজনত প্ৰধানমন্ত্ৰী মোদী: বড়োলেণ্ড এতিয়া শান্তিৰ দ্বীপ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ