তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভূনাথ সিঙৰ বিৰুদ্ধে চলি থকা আন্দোলনে ক্ৰমাগতভাৱে ধাৰণ কৰিছে তীব্ৰতৰ ৰূপ। উপাচাৰ্যৰ ওপৰত উত্থাপিত ব্যাপক দুৰ্নীতি আৰু বিত্তীয় অনিয়মৰ অভিযোগৰ বাবে তেওঁক তাৎক্ষণিকভাৱে অপসাৰণৰ দাবীত সোমবাৰে পুৱা ৯ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে ৯ ঘণ্টীয়া অনশন কাৰ্যসূচী আৰম্ভ কৰে। ছাত্ৰ প্ৰতিনিধিসকলে ঘোষণা কৰে যে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে তেওঁলোকৰ দাবীৰ এক আনুষ্ঠানিক সমাধান প্ৰদান নকৰালৈকে সকলো শৈক্ষিক আৰু প্ৰশাসনিক কাৰ্যকলাপ বৰ্জন কৰি থকা হ’ব। বাৰে বাৰে শান্তিপূৰ্ণ প্ৰতিবাদ কৰাৰ পিছতো মন্ত্ৰালয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰি ছাত্ৰ-ছাত্ৰীসকলে এই আন্দোলন তীব্ৰতৰ কৰি তুলিছে। ছাত্ৰ প্ৰতিনিধিসকলে কয় যে আনুষ্ঠানিক যোগাযোগৰ অভাৱত বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক আৰু শৈক্ষিক কাম-কাজ দীঘলীয়া সময় ধৰি স্থবিৰ হৈ পৰিছে। তেওঁলোকে কয়, “প্ৰতিষ্ঠানটোৰ অখণ্ডতা ৰক্ষা কৰিবলৈ মন্ত্ৰালয়ে কোনো দৃঢ় আৰু স্বচ্ছ পদক্ষেপ নোলোৱালৈকে শৈক্ষিক স্বাভাৱিকতা ঘূৰাই অনাটো সম্ভৱ নহয়।” শিক্ষাৰ্থী সমাজে পুনৰ কয় যে অধ্যাপক শম্ভূনাথ সিঙৰ অপসাৰণেই তেওঁলোকৰ মূল দাবী আৰু এই দাবী পূৰণ নোহোৱালৈকে বৰ্জন অব্যাহত থাকিব। এই আন্দোলনে চৌহদৰ পাঠদান, পৰীক্ষা আৰু প্ৰশাসনিক কাম-কাজত ব্যাপক প্ৰভাৱ পেলাইছে। Share this:FacebookX Related Post navigation প্ৰাক্তন আই এ এছ বিষয়া ৰাজকুমাৰ গোৱেলক দেশৰ মুখ্য তথ্য আয়ুক্তৰূপে নিযুক্তি গোৱাৰ নাইটক্লাব অগ্নিকাণ্ডঃ অভিযুক্ত লুত্ৰা ভাতৃদ্বয়ক থাইলেণ্ডৰ পৰা বিতাড়ন