তেজপুৰত গ্ৰেপ্তাৰ প্ৰাক্তন ভাৰতীয় বায়ুসেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া । বায়ুসেনাৰ এগৰাকী ৱাৰেণ্ট বিষয়া হিচাবে অৱসৰ গ্ৰহণ কৰি শত্ৰু ৰাষ্ট্ৰক তেওঁ যোগান ধৰিছিল প্ৰতিৰক্ষা বিভাগৰ তথ্য । অৱশেষত আৰক্ষীৰ জালত পৰিল বিষয়াগৰাকী । এক নিৰ্ভৰযোগ্য তথ্য়ৰ ভিত্তিত ভাৰতীয় বায়ুসেনাৰ এজন অৱসৰপ্ৰাপ্ত জুনিয়ৰ ৱাৰেণ্ট বিষয়া তেজপুৰৰ কুলেন্দ্ৰ শৰ্মাক পাকিস্তানী চোৰাংচোৱা অভিযানকাৰীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ।উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে এই সন্দৰ্ভত কয়, “প্ৰাথমিক তদন্তৰ পৰা দেখা গৈছে যে অভিযুক্তই ছ’চিয়েল মিডিয়াৰ জৰিয়তে স্পৰ্শকাতৰ নথি-পত্ৰ আৰু তথ্য শ্বেয়াৰ কৰিছিল । তেওঁ মোবাইলৰ জৰিয়তে পাকিস্তানী চোৰাংচোৱাৰ লগত তথ্য আদান-প্ৰদান কৰিছিল । কিমান দিনৰ পৰা এই তথ্য আদান-প্ৰদান কৰিছিল সেই বিষয়ে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।” Share this:FacebookX Related Post navigation ভি বিজনেছে সম্প্ৰসাৰণ কৰিছে আইঅ’টি পৰ্টফলিঅ’: চহৰৰ গেছ বিতৰণ কোম্পানীসমূহৰ বাবে স্মাৰ্ট গেছ মিটাৰ প্ৰৱৰ্তন অসম ক্ৰিকেট সন্থাই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাৰিজন খেলুৱৈক নিলম্বন কৰিছে